মিৰ্জাৰ শ্রীশ্রী নিৰ্জেশ্বৰী থান-০৪

Rinku Rajowar
0


যোৱা সংখ্যাৰ পিছৰ পৰা----
ওপৰত উল্লিখিত কিংবদন্তীৰ বাহিৰেও আন এক প্ৰবাদমতে এই মন্দিৰৰ ওচৰ পাজৰৰ গাঁওবাসীয়ে এটা সময়তহেনো চোৰৰ প্রতাপত ত্ৰাহি মধুসুদন সুমৰিছিল | সেয়ে ভক্তপ্রাণ ৰাইজে চোৰৰ প্রকোপৰ পৰা হাত সাৰিবলৈ দেৱীক প্রাৰ্থনা জনাইছিল | কথা আছে নহয় এশ গৰু খালে বাঘৰ মৰণ হয় ঠিক তেনেদৰে এদিন সেই চোৰ ৰাইজৰ হাতত ধৰা পৰিল | সকলোৱে মিলি চোৰক উপযুক্ত শাস্তি বিহিলে এই কাৰ্যত বিতুস্ত হৈ চোৰে হেনো দেৱীৰ নাকটো কাটি পেলালে | তেতিয়াৰ পৰাই নিৰ্জেশ্বৰী দেৱীৰ নাম নাক কাটি গোঁসানী হ'ল বুলি স্থানিয় লোকে বিশ্বাস কৰে  |
   এই মন্দিৰে ইতিমধ্যে পঞ্চাশটা বসন্ত অতিক্ৰম কৰিলে | এই সোণোৱালী স্বৰ্ণিল ইতিহাসৰ সময়চোৱাত প্রতি বছৰে মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত স্থানীয় ৰাইজে শাওণ মাহৰ সংক্ৰান্তী আৰু ভাদ মাহৰ এক আৰু দুই তাৰিখে মনসা পূজা অতি উলহ মালহেৰে  পালন কৰি আহিছে | ইয়াক স্থানীয় ৰাইজে মাৰে পূজা অথবা মাৰৈ পূজা বুলি কয় | ইয়াত দেওধা উঠে | পূজাৰ তিনিওটা দিন ভক্তপ্রাণ ৰাইজে ভোগ নৈবেদ্য আগবঢ়ায় | এই পূজাত খিছিৰি অতি প্রিয় ভোগ | উক্ত তিনিওটা দিনত অগনন লোকৰ সমাগম হয়  | ধৰ্মালোচনী সভাও অনুস্থিত কৰে |  (সমাপ্ত)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)