নিষ্ঠুৰ বৰদৈচিলা আহিছে

©Admin
0

হেৰৌ ভাইহঁত পলোৱা পলোৱা

মইনাহঁত তোমালোকেও

 পলাই যোৱা

গছ গছনি নাই য'ত 

মুকলি পথাৰ আছে য'ত

নাইবা ঘৰত সোমাই 

দৰজা খিৰিকী কৰি বন্ধ

ভয়ত চিঞৰ বাখৰ নকৰি

মনে মনে থাকা ৰৈ

সৌৱা প্ৰখৰ গতিৰে 

এফালৰপৰা থানবান 

কৰি বৰদৈচিলা আহিছে

নিষ্ঠুৰ বৰদৈচিলাই

 নিচিনে বন্ধু কোন শত্ৰু কোন

মাথোঁ এফালৰপৰা নিয়ে

সকলোবোৰ ভাঙি ছিঙি

হায় ৰে বৰদৈচিলা

ঘৰ দুৱাৰ ভাঙি 

বিজুলী সংযোগী তাঁৰ ছিঙি

প্ৰকাণ্ড প্ৰকাণ্ড গছ বৃক্ষ উভালি

শক্তি প্ৰদৰ্শন কৰি 

মাকৰ ঘৰলৈ যোৱা নেকি ?

তোমাক অকণমানো

 বেয়া নালাগে নেকি ?

আমাক অশান্তি দি ? ৷৷


  📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)