নাচনীয়ে নগচকা বহাগৰ পথাৰ

©Admin
0

এনুৱা বহাগ আহিবিনে আৰু ?
বিহুৰ পথাৰ আজি উদং উদং
নাই নাচনী পথাৰত
নাই ঢুলীয়া পথাৰত ॥

একােণত শংকা ৰাখি
ইকোণত কঁকাল ভাঙি নাচে বন্ধকোঠাত
এৰাে এৰোকৈয়ো এৰিব নোঁৱাৰে 
নাচনীয়ে বিহুতি ব'হাগৰ ॥

সুখবােৰ নিলেই কাঢ়ি
আমিওতাে জীৱ !!
নিৰ্জীৱ শিল নহয় 
অলপ হলেওঁ আনন্দকণ ল'বলৈ দিয়া ॥

ধৰিত্ৰীয়ে ব'হাগ কাঢ়ি নিলেওঁ
"মন ব'হাগক" 
ব'বলৈ দিওঁচােন
মনবােৰ অলপ শাঁত পৰক ॥

হৃদয়ত ব'হাগ আকোঁ,
তেজত মিহলি হয়
বিহু গীতৰ সুৰ,
বিহুতি আমাৰ মৰমৰ
নানাচি কেনেকৈ থাকো ?

বিহুৰ নাচনী 
আজি পথাৰত নাই
নাচনী আজি কোঠাতে আৱদ্ধ ৷৷

📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)