কালি মাজৰাতি কাৰোবাৰ কথোপকথন
শুনি ওলাই আহিছিলোঁ বাটলৈ অকলশৰে
" ইহঁতকেইটালৈ বৰ পুতৌ লাগে অ' "
গধুৰ মাত এটাই ক'লে
" হয় দেই । কোৱিড নাইটিনেও
নোৱাৰিলে ইহঁতৰ ছিঙিব "
ক্ষীণ মাতটোৱে ক'লে
" কি ...? " গধুৰ মাতৰ প্ৰশ্ন
" দাসত্বৰ বেড়িয়া "ক্ষীণ মাতৰ উত্তৰ
" কতকাল যে এনেদৰে আছে ইহঁতকেইটা "
গধুৰ মাতে ক'লে
" হয় দেই । ইহঁতৰ চকুত সদায় একেটা বাট । "
ক্ষীণ মাতৰ উত্তৰ
ভয়তে থৰথৰকৈ কঁপি উঠিলো
ওখ আৰু চাপৰ ছায়া মূৰ্তি
দুটা বাটেৰে গৈ আছে
ভাৱিলো মৃতকবোৰে নিজান বাটত ফুৰিছে
আন্ধাৰ মৰিশালিটোলৈ ছাই পঠিয়ালো
শীতল গধুৰ শিহৰণ এটা
মোৰ শৰীৰটো জোকাৰি গ'ল
কুকুৰা এটাৰ ডাকত জোনে মেলানি ল'লে
পোহৰৰ লেছেৰি বুটলি প্ৰভাতে ভুমুকি মাৰিলে
হঠাৎ আমাৰ লাইনৰ কাষৰ বাগানটোত
ওখ-চাপৰ চাহ-শিৰীষ গছজোপা
জিলিকি উঠিল ।
📝ৰীতা গোৱালা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ