শত্ৰুক জিনিলেহে হ'ব আশা পূৰণ

©Admin
0
বসন্তৰ পৰসত প্ৰকৃতি ৰাণী উৎফুল্লিত আজি
ন সাজেৰে সজ্জিত বন বিৰিখ
ফুলিব ধৰিছে ফুলনিত নানাৰঙী ফুল
বৰদৈচিলাৰ জোকাৰণিয়েও যেন 
ম্লান কৰিব পৰা নাই
প্ৰকৃতিৰ উত্তাল যৌৱন।

সেই প্ৰকৃতিৰ মাজতে লালিত পালিত
মানুহবোৰে আমি
ল'ব যে পৰা নাই আজি শান্তিৰ উশাহ
শংকিত বাতাবৰণৰ মাজত গৃহবন্দী হৈ
পাৰ কৰিছোঁ দিন ৰাতি
নাই দেহা ৰমৰমাই যোৱা ডেকা গাভৰুৰ
বিহু নামৰ ধ্বনি
উকা হৈ পৰিল আদৰৰ ৰঙালী বিহুৰ উৎসাহ।

বিবাহ প্ৰয়াসী ডেকা গাভৰুৰ
মনবোৰ ভাগি পৰিল
ত্যাগ কৰিব লগা হ'ল বহাগতে গাটো তিওৱাৰ আশা
পিছুৱাই দিব লগা হ'ল স্থিৰ হৈ থকা
বিবাহৰ তাৰিখ
কাৰণ এইয়া যে অদৃশ্য শত্ৰুৰ সমে হোৱা মহাৰণ
কোনে জানে ক'ত বা শত্ৰুয়ে কৰি আছে আত্মগোপন।

আশাবাদী আমি
এই যুঁজত হ'ব আমাৰেই জয়
গৃহবন্দী হৈ হ'লেও শত্ৰুৰ সমে কৰিম ৰণ
শত্ৰুক প্ৰৱেশ কৰাৰ সুৰুঙা মুঠেও নিদিওঁ
পৰিধান কৰিম মাস্ক 
ত্যাগ কৰিম জনসমাগম
ৰণথলীত প্ৰতিদ্বন্দীক নেদেখি শত্ৰুয়ে
নিজে নিজে কৰিব আত্মহনন , 
এনেদৰেই শত্ৰুক জিনাৰ পিছত কৰিম
আমাৰ আশা পূৰণ
উলহ মালহেৰে পাতিম মাংগলিক অনুষ্ঠান 
নিমন্ত্ৰণ কৰি আত্মীয় স্বজন।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)