সংসাৰত নাযাবা সুখৰ পাছে পাছে ।।
গোটেই জীৱন বিচাৰিলো সংসাৰৰ বাটত ,
কতো লগ নাপালো জীৱন নদীৰ ঘাটত।
ডাৱৰৰ আঁৰে আঁৰে বিজুলিৰ চমক,
আকাশৰ তৰাবোৰ ৰমক জমক ।
ডাৱৰৰ মাজত বেলিৰ লুকা ভাকু,
সুখ হেনো তেনেকুৱা খেলি থাকে ফাকূ।
বিয়াকুল কৰে হিয়া সুখে মানৱৰ,
সুখ বিচাৰি অহা-যোৱাৰ স্বাক্ষৰ ।
মনোৰম বসুন্ধৰাই অনন্তকাল জুৰি,
বুকুৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কামনাৰ পৰিতৃপ্তি।
জীৱনৰ বাটত ফুৰে সুখ উফৰি
চাব যদি জানা তুমি উঠিব জিলিকি।
ৰ'দতেই জিলিকিব জিঞাঁৰেই পাখি
সুখ হেনো তাতে আছে সেইয়াই সাক্ষী।
শুনা যদি কেতিয়াবা মৌৰ গুঞ্জন
লক্ষ্য যদি কৰা মৌৰ উৰণ-ফুৰণ ।
পানীতেই জিলিকে পদুমৰ পাহি
চিঙিবলৈ মন যাব তাতে হাঁহি হাঁহি ।
উৰি উৰি পখিলাবোৰ পৰে যদি ফুলত
ধৰিবলৈ মন যাব হাতৰে মাজত।
সুখ যে তাতে আছে নকৰিবা ভয়
বিধিৰ বিপাক বুলি শাস্ত্ৰতেই কয় ।।
📝 ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ