মানুহৰ ভিৰ

Rinku Rajowar
0
ইমান মানুহ
মানুহ মানুহ আৰু মানুহ
মানুহৰ ভিৰত
মানৱীয়তাই শিহুৰদৰে
ডুবিয়াইছে  |

পানীত থাকি
ঘৰিয়ালেৰে খেলিছে
ধৰিত্ৰীক বুকুত লৈ
ওপঙি থকা প্লেটচটা
হ'ব পৰা হলে মানুহ
গগণচুম্বী অট্টালিকাৰ
তলৰ পৰা অৰ্ন্তধ্যান হলহেতেন নিৰন্ন জনতা |

বুকুৰ দে যোৱা ছালত
নিমখ ঘঁহি
ভাত খোৱা মানুহৰ ভিৰ  |

বতাহত ,
আকাশত ,
পথত ,অৰণ্যত
মকৰা মানুহৰ ভিৰ  |
 বতাহৰ সুৰুঙাৰে
আমিবোৰে উশাহ লৈছো
আজিটো উদযাপন কৰিছো
ইমান ভিৰৰ মাজত  ||

    📝 হেমেন হাজৰিকা
           মিৰ্জা  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)