শিমলুৰ ফুল বনাম কমোৱা তুলা

Rinku Rajowar
0
ফাগুনে ৰঙীন কৰা  শিমলুৰ ফুলে
ৰূপ সলাই,
বহাগত নাম ল'লে -
"কমোৱা তুলা"  ॥

বহাগৰ ৰ'দ- বৰষুণে ধোৱা শিমলুৰ
সেউজী-কোমল পাতৰ
আঁৰে আঁৰে,
শুভ্ৰ কোমল  কমোৱা তুলাবােৰ
ফুটি উঠে পাতৰ ফাঁকে ফাঁকে ॥

ৰঙীন ফাগুনৰ
ৰাঙলী আকাশক
ধোৱাই  লৈ যায় -
বৰদৈচিলাই
বৰষুণৰ সতে
বহাগ অহাৰ বাতৰি বিলায় ॥

শিমলুৰ তুলাৰ সতে
কিমান যে প্ৰেম আমাৰ ,
শয়নে -সপোনে
তোমাৰেই গুণ গাওঁ ,
তুমি নহলে 
বিনিদ্ৰ -ৰজনী হয় ॥ 

কমোৱা তুলাবােৰে কয়  -
"তুমিতো এতিয়া ফাগুন নোহোৱা" !

তুমিবােৰ বহাগে ঢকা ফাগুনৰ ৰং, 
সময়ে সলনি কৰা - জীৱনৰ ৰং ॥

ব'হাগে , শিমলুৰ ফুল বনালে কমোৱা তুলা ॥

📝 মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)