পিছদিনা ৰিহণে মাকক সকলাে কথা বিৱৰি ক'লে- মই মা ৰুণজুনক মন্দিৰত বিয়া পাতিলাে দিল্লীতে -লগত কেইজনমান বন্ধুবৰ্গক লগত লৈ। মই যদি তেনেকুৱা নকৰিলােহয় , তেতিয়া ৰুণজুনক হেৰুৱাব লাগিলেহয় । ৰুণৰ ঘৰত তাইৰ বাবে দৰা চাইছে আৰু দেউতাক নাচােৰবান্দা তাইক সেই IAS অফিচাৰ জনলৈহে বিয়া দিব ।
মই তাইক ভাল পাই পেলালাে আৰু তাইৰ বাহিৰে আনক বিয়া কৰােৱাৰ কথা ভাৱিব নােৱাৰাে । তাইৰ দেউতাকাে IAS rank অৰ, অৰ্থাত্ DFO । তোমালােকে এতিয়া পিছৰ কৰণীয়খিনি কৰিব লাগিব
একমাত্ৰ মােৰ বাবে । ৰুণে দিল্লীৰ পৰা আহি ঘৰত মাত্ৰ এদিনহে থাকিলে আৰু মনে মনে মােৰ লগত গুচি আহিলে । এতিয়াতাে তেওঁলােকৰ ঘৰত নিশ্চয় হাহাকাৰ অৱস্থা । অঁ ৰুণে কৈছিল তাইৰ টেবুলৰ দ্ৰয়াৰত মাকলৈ এখন চিঠি লিখি থৈ আহিছে ।কিন্তু মাকহতে পাইছেনে নাই সন্দেহ ।
ৰিহণৰ মাকে কথাতাে গুৰুত্ব সহকাৰে লৈ দেউতাকৰ লগত আলােচনা কৰিলে ।
দেউতাকে পুৱাহে কথাখিনি ভালকৈ গম পালে । যােৱাকালিৰ কথাখিনি তেওঁক ভালদৰে জনােৱাই হােৱা নাছিল । দেউতাক চিঞঁৰি উঠিল ," কি কৰিলে বাপা ৰিহণে (?), ইস ইস বৰ বেয়া কাম কৰিলে । মানুহঘৰে সহজে কথাতাে মানি ল'বনে ? কি কৰা যায় , এতিয়া ? মহা বিপাঙত পৰিলো।
দেউতাকে দুই ভায়েক ড মনােজ আৰু ৰণােজক (উকীল) মাতি পথালে ।
তেওঁলােক দুয়াে আহিল আৰু সকলাে কথা মাকে তিনিও জনৰে আগত পুংখানুপু্ংখভাৱে ক'লে ।
তেতিয়া ৰিহণৰ দেউতাকে দুইজন খুৰাক আৰু মােমায়েকক ৰুণহতৰ ঘৰলৈ যাবলৈ ক'লে আৰু তেওঁলােকৰ ল'ৰাইযে মন্দিৰত বিয়া পাতি আনিলে, তাৰ দােষ স্বীকাৰ কৰি ক্ষমা খুজিবলৈ ক'লে আৰু দেউতাকে কিনাে কয় তাৰ সকলাে বুজ ল'বলৈ পথিয়ালে। দুইজন খুৰাক আৰু ডাঙৰ মোমায়েক, তিনিও মিলি ৰুণহতৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে ।
তিনিও গৈ ৰুণহঁতৰ ঘৰ ওলালেগৈ। ঘৰত কলিং বেল বজালে । মাইকী মানুহ এজনী ওলাই আহিল আৰু সুধিলে কাক বিচাৰিছে ?
মনােজে উত্তৰ দিলে আমি DFO, বৰুণ ছাৰৰ ঘৰ বিছাৰি আহিছাে । মাকে , " অঁ এইটােৱেই তেওঁৰ ঘৰ ।
মাকে মাতিলে, আহক বহকহি । তেওঁলােক বহিল। মাকে সুধিলে, "কি কামত
আহিছে বাৰু "?
আমি অলপ জৰুৰী কথা লৈয়েই আহিছাে ।
মাকে ক'লে ," ৰ'ব মই তেওঁক মাতি দিছাে ।
DFO বৰুণ, ৰুণৰ নিচিনাই বগা আৰু . হৃষ্টপুষ্ট মানুহ ।
যােৱাকালিৰ পৰা তেওঁৰ ভাত পেটলৈ যোৱাই নাই ।
জীয়েকৰ দ্ৰয়াৰত পােৱা চিঠিৰ পৰা অলপমান কথা জানিব পাৰিছে ।ৰুণৰ দেউতাকে ক'লে," মই ৰুণে এনেকৈ হঠাত্ সিদ্ধান্ত ল'ব বুলি মুঠেই ভবা নাছিলাে ।
আমি তাইক লৈ বহুত কল্পনা কৰিছিলাে, কিন্তু ইমান নিজকে নিথৰুৱা কৰিব বুলি ভৱা নাছিলাে ।
মই তাইক ঘূৰাই আনিব বুলি ভাবিছাে" ।
##তেতিয়া তেওঁলােক তিনিওজনে ৰুণ আৰু ৰিহণৰ কথাখিনি ক'লে, আৰু লৰাই কৰা দােষ ক্ষমা কৰি দিবলৈ কাকূতি কৰিলে । ৰুণৰ দেউতাকে ক্ষমা কৰা কথাক বৰকৈ গুৰুত্ব নিদিলে । ৰুণ আৰু ৰিহণক মাতি পঠালে ।
তেওঁলােক তিনিওকে চাহ- বিস্কুটেৰে খুৱালে আৰু বিদায় দিলে । ৰিহণৰ মাক আৰু দেউতাকক এবাৰ লগ কৰাৰ কথাও কলে।
তেওঁলােক তিনিওজনে একাে সমাধান নােহােৱাকৈয়ে এনেয়ে ,ঘৰলৈ ঘূৰি আহিল।
ৰিহণৰ দেউতাক কলেজৰ প্ৰিন্চিপাল ১৯৫৮ চনতে দৰ্শন শাস্ত্ৰত এম. এ. পাছ কৰা মানুহ ।দেখাই শুনাই বেচ ভদ্ৰ , তেওঁ ৰিহণৰ এই কামত বৰ দুখ পাইছিল আৰু বােৱাৰীৰ ঘৰলৈ তেওঁক মাতি পথিওৱা কথাত অলপ আহত হৈছিল । ৰিহণৰ দেউতাক আৰু মাকে সিঁহত দুয়ােতাকে লৈ ৰুণৰ ঘৰলৈ বুলি এদিন ৰাওণা হ'ল ।
দিনৰ প্ৰায় ১১ টা মান বজাত ৰুণহতৰ ঘৰ পালেগৈ । ৰিহণৰ দেউতাকে মনত বহু মান- সন্মান কাতি কৰি ৰুণৰ দেউতাকৰ ঘৰত ভৰি দিলে ।
গুৰু-গম্ভীৰ ভাৱৰ প্ৰিন্চিপালক ঘৰলৈ আদৰি নিলে আৰু ৰুণৰ দেউতাকে চাৰ বুলি সম্বােধন কৰিলে । ৰুণৰ দেউতাকৰ তেখেতৰ ব্যক্তিত্বই বাৰুকৈয়ে আকৰ্ষিত কৰিছিল আৰু তামােল -পান , চাহ -জনপানেৰে আতিথ্য কৰিছিল । আৰু ৰিহণাে আছিল সুন্দৰ আকৰ্ষণীয় ব্যক্তিত্বৰ ।
ৰুণৰ দেউতাকৰ মন কুমলি গ'ল আৰু ৰুণক ঘূৰাই অনা কথাতাে অকণাে উত্থাপনেই নকৰিলে । শেষত গৈ চা-চিনাকি হােৱাৰ নিচিনাহে হ'ল । তেওঁ কৈছিল ," মই বহুত চিন্তাত আছিলাে । পিছে আপােনালােকক দেখিহে মনতাে অলপ ভাল লাগিছে
ৰিহণৰ দেউতাকৰ লগত কথা পাতি ভালেই পালে । ৰিহণ আৰু ৰুণে দেউতাকৰ পৰা আশীৰ্ব্বাদ বিছাৰিলে, তেতিয়া দেউতাকৰ চকু চলচলীয়া হৈ গ'ল । দুয়ােকাে আশীৰ্ব্বাদ দি উঠি দেউতাকৰ চকুৰ পৰা দুখ আৰু আনন্দাশ্ৰু বৈ গ'ল ।
গােটেই পৰিবেশটােৱে বেলেগ এটা মূৰ ললে ।
ৰুণৰাে এই গােটেই পৰিঘটনাবােৰ দেখি হুক - হুকাই কান্দিবলৈ মন গ'ল । ৰুণে, সিঁহতে কৰা দােষবােৰ ক্ষমা কৰি দিব বুলি অকণমানাে ভৱা নাছিল । ৰিহণৰ দেউতাকে তেওঁৰ হাতখনেৰে ৰুণৰ দেউতাকৰ হাত দুখন খামােচ মাৰি কলে, আপুনি বহুত আৱেগিক হৈ গৈছে,
এগিলাচ পানী খাই লওক বুলি হাতত তুলি দিলে । ৰুণৰ মাকে কােনে কি কথা কয় তাকেই শুনি থাকিল, ৰুণৰ দেউতাকৰ মন্তব্যই তেওঁৰাে মন্তব্য ।
ৰুিহণে ৰুণৰ দেউতাকক থিয় হৈ থকাৰ পৰা আনি চােফাত ভালদৰে বহাই দিলে । ৰুণে মাক আৰু ভনীয়েকক সাৱতি লৈ কিছু সময় কান্দিলে আৰু ভনীয়েকেও ।তাইৰ যেন হৃদয়খন আজি নিকা নিকা হৈ গল আৰু নিজকে অলপ হলেও দােষী দােষী লাগি থাকিল । মাক -দেউতাকক হেৰোৱাৰ পৰা পুনৰ পোৱা যেন অনুভৱ কৰিলে । তাইৰ কাক এৰাে - কাক ধৰাে মনতাে তেনেকুৱা
লাগি গ'ল । ৰিহণৰ মাকে ৰুণক এহাতেৰে ধৰি শান্তনা দিলে ।
ৰুণৰ মাকে ভাত খাবলৈ অনুৰােধ কৰিছিলে , কিন্তু ৰিহণৰ পৰিয়ালে সেইদিনা খােৱা -বােৱা কৰি অহা বুলি ক'লে । সেইদিনাৰ পৰিস্থিতিয়ে সকলাে সলনি কৰি দিলে ।
দুয়ােঘৰৰে মনবােৰ যেন মুকলি হৈ গ'ল । সেইদিনা আৰু বিশেষ সিদ্ধান্ত লােৱা নহ'ল । ৰুণৰ দেউতাকে ৰুণক সেইদিনা তেওঁলােকৰ ঘৰলৈকে যাবলৈ ক'লে আৰু একাে নকলে ।
ৰিহণহঁতৰ পৰিয়ালটােক ভালদৰে বিদায়
দিলে । তেওঁলােক নগাৱঁৰ ঘৰলৈ বুলি তাৰ পৰা ৰাওণা হ'ল ।
আগলৈ
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ