আধৰুৱা প্ৰেম কাহিনী- সত্যমৰ জীৱনী, খণ্ড - ০৮

©Admin
0

সিদিনাখন আছিল বিশ্বপ্ৰতিবন্ধী দিৱস নুমলীগড় গাৰ্লছ স্কুল অনুষ্ঠানটিৰ আয়োজন কৰিছিলে মইয়ো সেই অনুষ্ঠানত ভাগ লৈছিলো কবিতা আবৃত্তি , শ্লগান , জ্যোতি সংগীত আদি বিষয়ে অনুষ্ঠানটিৰ আঁত ধৰিছিল এই গোটেইকেইটা বিষয়ত মই প্ৰথম পুৰস্কাৰ লাভ কৰিছিলো তাতে কিৰ্তি নামৰ ছোৱালী এজনীয়ে আগবাঢ়ি আহি মোৰ পৰিচয় ল'লে ৷ তাৰপিছত আৰম্ভ হ'ল আমাৰ মাজত প্ৰেমপ্ৰীতিৰ অধ্যয় ৷ দুপৰীয়া পানীখোৱা ছুটিত আমি সদায় আমাৰ স্কুলৰ আগফালে থকা গড়টোৰ ওপৰত বহি নিজৰ প্ৰেমৰ কথা পাতিছিলো লাহলাহে আমাৰ প্ৰেমকাহিনীৰ কথা স্কুলৰ বহু লোকে জনা হ'ল মোৰ বুন্ধসকলে মোক জোকাবলৈ ধৰিলে ৷ সময় বাগৰিল কিৰ্ত্তি নৱম শ্ৰেণীতলৈ উতিৰ্ণ হৈ আমাৰ স্কুলত নাম লগালে তেতিয়া আমাৰ দুয়োৰে মনত উল্লেসৰ লাডু ফুটিলে মই সুখী তাকে দেখি মোৰ বন্ধুসকলে পাৰ্টি খাবলৈ বিচাৰিলে মই হোটেলত নি মন পুৰাই লগৰকেইটাকক মিঠাই চাহ খোৱালো ৷ 

আমাৰ দুয়োটাৰে ঘৰ একেখন গাৱঁত থকাৰ কাৰণে আমি নিতৌ একেলগে স্কুললৈ অহাযোৱা কৰিছিলো ৷ স্কুলৰ ক্ৰিয়া সপ্তাহ আৰম্ভ হ'ল মই আগৰবছৰৰ দৰে এইবাৰো মই প্ৰতিটো অনুষ্ঠানত ভাগ ল'লো তাৰে ভিতৰত হিন্দী কবিতা আবৃত্তি প্ৰতিযোগীতাত ভাগ লওঁতে এটা ঘটনা ঘটিল তাই কবিতা আবৃত্তি কৰি উভতি আহি আছিল আৰু ময়ো গৈ আছিলোঁ হঠাৎ দুয়োৰে মাজত খুন্দিয়াখুন্দি লাগি মঞ্চত বাগৰি পৰিলো প্ৰেক্ষাগৃহত থকা ছাত্ৰছাত্ৰীসকলে কিৰিলিয়াই উঠিল তাকে দেখি প্ৰধান শিক্ষকে মাইকখল লৈ সকলোকে মনেমনে থাকিবলৈ ক'লে ৷ আমি দুয়োটাই বৰ লাজ পালো ৷ এনেদৰে সুন্দৰকৈ সময়খিনি ব্যতিত হবলৈ ধৰিলে ৷ 

 বাকী অংশৰ বাবে অহ সপ্তাহলৈ অপেক্ষা কৰক


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)