লাভা

©Admin
0
কলিজাৰ ভিতৰত
উত্তাল ঢৌৰে গর্জনমুখৰ
এমুঠি সাগৰ ।
তলিত কোনেও নেদেখা
আশৈশব শুনা
বাৰুদ বন্ধা শব্দবোৰ
স্তুপিকৃত হৈ হৈ
সেইবোৰ এতিয়া
গলিত লাভা
তোমালোকে বিচাৰিলেই
বুকু ফালি দেখুৱাম
মোৰ সুপ্ত জ্বালামুখী
কিজানিবা তোমালোকৰ
সুকোমল হেঙুলীয়া ওঁঠৰ
গোলাপৰ পাহি পিন্ধোৱা
শব্দবোৰে মোৰ 
উস্মিত লাভাবোৰ
শীতল কৰিব পাৰে !

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)