তোমাৰ আধৰুৱা প্ৰতিশ্ৰুতি

Rinku Rajowar
0

প্ৰতিশ্ৰুতি,
যাক যেনেকৈ মন যায় তুমি তেনেকৈয়ে দি গ'লা।
আজি মোক কালিলৈ আকৌ আৰু এজনক।
কিয় তুমি এনকোৱা কৰিলা?
এই তোমাৰ বাৰু মনত আছে নে,
তুমি যে মোক কৈছিলা সোন তুমি মদ ভাঙ এইবোৰ নাখাবা।
তোমাৰ কথা মতেই মই আজিও বেয়া বস্তু মুখত দিয়া নাই।
তোমাৰ বাৰু মনত আছেনে তুমি যে কৈছিলা,
তুমি বেয়া লগৰ বোৰৰ লগত যতে-ততে ঘূৰি নুফুৰিবা তোমাৰ কথা ৰাখিয়েই মই আজিও অকলশৰে আছো।ইমানেই অকলশৰে যে সংগী বুলিবলৈ কিছুমান অতিতৰ স্মৃতিৰ বাহিৰে আপোন বুলিবলে কোনোয়েই নাই।
তুমি যেতিয়াই মোক এৰি থৈ গ'লা মই মদ আৰু ভাঙৰ নিচাত ৰাগী হৈ মাতাল হৈ ঘূৰি ফুৰিছিলো।
কিন্তু মই বেয়া বস্তু নোখোৱাৰ কথা দিছিলো তোমাক।
মই এতিয়া ভাল হ'ব বিচাৰো।
মই আকৌ সেই আগৰ ল'ৰাটো হ'ব বিচাৰো।
বাদ দিছো বেয়া বস্তু খাবলৈ।
কিন্তু মোক কোনে বুজাব, তুমিটো মোৰ কাষত নাই মোক বুজাবলৈ?
তথাপিও অবুজন মনটোক বুজাও,ধৈৰ্য্য ধৰ নদীৰ গতি সদায় বিশাল সাগৰলৈ।
আগুৱাই যা নিজৰ মতে চাবি এদিন ভাল দিন আহিব।
এদিন মোৰো ভাল দিন আহিব 
এই সান্তনাটোকে বুকুত বান্ধিলৈ জীয়াই আছো।
মৰো বুলিও মৰিব নোৱাৰো কাৰণ মোক ভাল পোৱা মা-দেউতা,ভাইটি এতিয়াও আছে।
কিন্তু মই জীয়াই আছো যদিও মৰাতকৈ কোনো গুণে কম নহয়।
কাৰণ মা-দেউতাৰ পাছত মোৰ হৃদয়ত তোমাকেই স্থান দিছিলো।
কেতিয়াবা ভাবিলেই আচৰিত লাগে জানা,
কি ভুল আছিল মোৰ,
কি ভুল কৰিলো মই যাৰ বাবে তুমি মোৰ সচাঁ মৰমক দূভৰিৰ দূৱৰি কৰি আদৰি ল'লা আনৰ মৰমক?
অ' মই দুখীয়া ল'ৰা কিন্তু দুখীয়া হ'লেও দুবেলা দুসাঁজ তোমাক খোৱাব পৰা ক্ষমতা মোৰ আছিলে।
মই তোমাৰ পৰা বিচৰা নাছিলো মনৰ সুখ।
নাছিলো বিচৰা মই আনৰ দৰে উলংগ দেহাৰে ভাল পোৱাৰ পৰিচয়।
বিচাৰিছিলো মাথো অকণ মান সময়।
কিন্তু কি কৰিম তোমাৰ প্ৰিয় আকৌ চাৰি চকাৰ গৰাকী হে।
তোমাৰ বাৰু এতিয়াও মনত পৰেনে,
তুমি যে মোক কৈছিলা কথা দিছিলা মোক ম'ৰাৰ শেষ মূহুৰ্তলৈকে মোৰ লগত থকাৰ?
কিন্তু ক'ত গ'ল এতিয়া তোমাৰ কথা বোৰ,ক'ত তোমাৰ প্ৰতিশ্ৰুতি বোৰ?
যদি ভালেই পোৱা নাছিলা কিয় কৈছিলা মদ ভাঙ নাখাবা বেলেগৰ লগত কথা নাপাতিবা তুমি যদি আনৰ লগত কথা পাতা মই মৰি যাম
ক'ত গ'ল এতিয়া সেই বোৰ।
কিয় কৰিলা ইমান বোৰ নাটক মোৰ লগত দৰ্শক বিহীন মঞ্চত,কিয়?
মোক কি তুমি ছাবি দিয়া পুতলা বুলি ভাবিছিলা নেকি যে তোমাৰ যেতিয়াই মন যায় মোৰ হৃদয় খনৰ লগত খেলিবা আৰু যেতিয়াই আমনি লাগিব ফুটপাথৰ কোনোবা এটা কোণত পেলাই দিবা।
মইয়ো মানুহ সচাঁ মৰমে উপচি থকা মোৰো এখন হৃদয় আছে।
কিন্তু এতিয়া তুমি দিয়া তোমাৰ আধৰুৱা প্ৰতিশ্ৰুতি বোৰ বুকুত সাবতি লৈ জীয়াই থকাৰ বাহিৰে একোৱেই নাই।
অকলশৰে জীয়াই আছো মাথো বুকুত কিছুমান অবুজ বেদনা লৈ।
বিষাদৰ একুৰা অফুৰন্ত জীয়া জুই হৈ 

📝দ্বীপ দীপাংকৰ লাহন।
     বিশ্বনাথ-গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)