কৰোনা ভাইৰাচ আৰু বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ

Rinku Rajowar
0
কৰোনা ভাইৰাছ প্রতিৰোধত সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে আন কোনো বিকল্প নাই। পৃথিৱীৰ মহাশক্তিধৰ ৰাষ্ট্ৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে হঠাৎ আনুষ্ঠানিক ভাৱে লকডাউনৰ ঘোষণা কৰে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কিছুসংখ্যক মানুহ নিজৰ  বাসগৃহত আশ্ৰয় লৈছে যদিও বহুসংখ্যক লোকে আকৌ বিভিন্ন ঠাইত আৱদ্ধ অৱস্হাত আছে। মুঠতে সকলোৱে নিতান্ত প্রয়োজন ব্যতিত ঘৰৰ পৰা বাহিৰত ওলোৱা নাই। আইনশৃঙ্খলা ৰক্ষাকাৰী বাহিনীও অত্যন্ত তৎপৰ হৈ উঠিছে। ক'ব পাৰি যে, সমগ্ৰ বিশ্বই এক প্রকাৰ অৱৰুদ্ধ। এনে পৰিস্থিতিত আটাইতকৈ বেছি বিপাঙত পৰিছে, দিন হাজিৰা কৰা ব্যক্তি, হতদৰিদ্র, নিম্নআয়ৰ মানুহ আনকি ভ্রাম্যমাণ ভিক্ষুক শ্রেণীও। জাতিৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ ভাষণত অসহায় মানুহসকলক সহায়তাৰ লগতে পুনর্বাসনৰ কথাওঁ কোৱা হৈছে। মুঠতে প্রধানমন্ত্রীৰ এনে নির্দেশনাৰ বাস্তৱায়ন, বৰ্তমানো আৰম্ভ হোৱা নাই। হ'ব পাৰে আমলাতান্ত্রিক জটিলতাৰ কাৰণে সেয়া বিলম্বিত হৈছে। যাৰ বাবে শ্রমজীৱি তথা স্বল্প আয়ৰ মানুহে খাদ্য সংকটৰ শংকাত ভুগিবলগীয়া হৈছে।
    একফালে কৰোনা ভাইৰাছৰ আক্রান্তৰ ভয় আনফালে কর্মহীন হৈ খাদ্যৰ অভাৱৰ আশংকাত খাটিখোৱা মানুহ আৰু নিম্ন আয়ৰ মানুহৰ নিদাৰূন উদ্বেগ-উৎকণ্ঠাৰ মাজত পতিত হৈছে। এনে পৰিস্থিতিৰ পৰা মুক্তি পাব নে নাই  সেয়া তেওঁলোকৰ অজানা। বিশষকৈ প্রান্তিক পর্যায়ৰ মানুহৰ জীৱন বিপন্ন হোৱাৰ সন্দেহ অধিক। ভাৰতৰ ২০১৯ পৰিসংখ্যান ব্যুৰৰ লেখ অনুযায়ী দেশৰ মুঠ জনসংখ্যাৰ পৰা প্রায় ২৭.২ কোটি মানুহ হ'ল দৰিদ্র শ্রেণীৰ। ইয়াৰে দৰিদ্র্য সীমাৰ নিম্নখাপৰ মানুহো আছে, যিসকলে দৈনিক তিনিবাৰকৈ খোৱাটো অসম্ভৱ। বর্তমান কাম-কাজবোৰ বন্ধ হৈ যোৱাত এই মানুহসকল অত্যন্ত কষ্টৰ মাজত দিন কটাইছে। তেওঁলোকৰ কাৰণে খাদ্য সংৰক্ষণতো দূৰৈৰ কথা, নিত্য আহাৰ যোগাৰ কৰিবলৈ কষ্ট কৰিবলগীয়া হৈছে। কর্মহীন মানুহৰ ওচৰত থিয় দিয়াটো বৰ্তমান সময়ৰ দাবী। সেয়া ন'হলে, ক্ষুধাৰ আৰ্তনাদত খাদ্যৰ সন্ধানত অনেকেই আকৌ এনে অৱস্থাৰ মাজেদি বাহিৰত ওলায়ো যাব পাৰে। যিবোৰ দেশত ইতিমধ্যে কৰোনা সংক্রমিত হৈছে সেইবোৰ দেশৰ চৰকাৰ জনগণৰ সহায়তাত আর্থিক সহযোগিতাসহ বিভিন্ন সুযোগ সুবিধা প্ৰদান কৰিছে। পাকিস্তান চৰকাৰে ১ কোটি নিম্ন আয়ৰ মানুহক ৪ মাহৰ সহায় হিচাপে এককালীন ১২ হাজাৰ টকাকৈ দিয়াৰ ঘোষণা কৰিছে। কানাডা, যুক্তৰাষ্ট্র, ইটালিসহ উন্নত বিশ্বৰ দেশবোৰে তেওঁলোকৰ জনগণক বিভিন্ন সুযোগ সুবিধাও দিছে। বিশ্বৰ শীর্ষ ২০ খন অর্থনৈতিক টনকিয়াল দেশৰ নেতাসকলে আৰ্থিক বিপর্যয় ৰোধিবলৈ ৫ ট্রিলিয়ন ডলাৰৰ ফাণ্ড ঘোষণা কৰিছে। এই ফাণ্ডৰ পৰা উন্নয়নশীল দেশবোৰতো অর্থৰ যোগান দিয়া হ'ব। আমাৰ দেশৰ চৰকাৰৰ তৰফৰ পৰা আর্থিক, খাদ্য সহযোগীতাৰ ঘোষণা কৰিলেওঁ সেয়া বৰ্তমান পর্যন্ত সফল নোহোৱাটো দুঃখজনক। অথচ এনে কার্যক্রম অতিদ্রুত ব্যাপক পৰিসৰে আৰম্ভ কৰা দৰকাৰ। পৰিসংখ্যান অনুযায়ী, দেশত শ্রমশক্তি আছে প্ৰায় ৪৮ কোটি ৯ লাখ। ইয়াৰ ভিতৰত ৩৫ কোটি ১৭ লাখ ৩৪ হাজাৰ অ-প্রাতিষ্ঠানিক কামত নিয়োজিত। অর্থাৎ তেওঁলোকে দৈনিক ভিত্তিত আয় কৰে। এওঁলোকৰ বেছি সংখ্যকেই বৰ্তমান কর্মহীন হৈ বিপন্ন অৱস্থাৰ মাজত দিন নিছে।
কর্মহীন হৈ পৰা বিশাল সংখ্যক মানুহক যদি চৰকাৰী-বেচৰকাৰী সহযোগীতাৰ আওতালৈ দ্রুত আনা নহয় তেনেহ'লে দেশখন এক ভয়াৱহ মানৱিক বিপর্যয়ৰ মাজত পৰিব। তেতিয়া কৰোনাক মোকাবেলা কৰাটোওঁ অকার্যকৰ হৈ উঠাটো স্বাভাৱিক। কৰোনাভাইৰাছৰ পৰা বাঁচিবলৈ গৈ আন এক মহাসংকটত পৰাৰ আগতেই কার্যকৰী পদক্ষেপ ল'ব লাগিব। যিমানেই পলম হ'ব কর্মহীন অসহায় মানুহৰ সংকটো সিমানেই তীব্র হৈ উঠিব। এনেবোৰ কাম কেৱল এটি মন্ত্রণালয়ৰ দায়িত্বই নহয়, এয়া বৰ্তমান সম্পূৰ্ণকৈ চৰকাৰৰ দায়িত্ব হৈ পৰিছে। ইতিমধ্যে দেশটিত ব্যক্তি পর্যায়ত, দলগতভাৱে আৰু কিছুমান বেচৰকাৰী সন্হাক অসহায় মানুহৰ কাষত থিয় দিয়া দেখা গৈছে। গতিকে বিচ্ছিন্ন এইবোৰ উদ্যোগৰ ওচৰাওচৰি সমন্বিত উদ্যোগ আটাইতকৈ বেছি জৰুৰী। এনেবোৰ ক্ষেত্ৰত জন প্রতিনিধি সকলক আগুৱাই অহাটো বৰ প্ৰয়োজন। অসহায় মানুহৰ সাহায্যর্থে অঞ্চল ভিত্তিত ত্রাণ তহবিল গঠন কৰিব লাগিব। মুঠতে স্বচ্ছতা বজায় ৰাখি প্রকৃত অসহায় মানুহৰ সহযোগিতা কৰিব লাগিব। তেতিয়াহে গৰীব, দুখী, জনগনৰ আত্মাই শান্তি পাব। ন'হলে তাৰ প্ৰায়েচিত্ত অনাধি ভৱিষ্যতলৈ ভূগিব লাগিব।

 📝হাফিজ বায়েজীদ বোস্তামী
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)