আজিৰ আপোনাৰ দিনটো ০৭ এপ্ৰিল ২০২০

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২৪ চ'ত ,মঙ্গলবাৰ,ইং ৭এপ্ৰিল ২০২০। 
সূৰ্য্যোদয় ঘ:৫/৯/৩৯সূৰ্য্যাস্ত ঘ:৫/৪০/৫৩

ৰাশি - কন্যা ৰাশি।
তিথি - শুক্লা চতুৰ্দশী।ঘ: ১২/১/১৩ লৈ।
নক্ষত্ৰ  - উত্তৰফাল্গুনী, ঘ:৯/১৫/৫৪ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই ।ঘ: ১২/১/৩ যোৱাত বায়ু কোনত নাই।
যোগিনী -  পশ্চিম দিশত  ।ঘ: ১২/১/৩ যোৱাত বায়ু কোনত ।
মৰণত দোষ - ত্ৰিপদ । ঘ: - ৯/১৫/৫৪ যোৱাত এপদ।
ভক্ষাভক্ষ্য - আমিস খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ,যদিও মনত সামান্য ভয় বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যয় বাঢ়িব, শৰীৰত ৰোগ বাঢ়িব লগতে কৰ্মত সজাগ নহলে আবিশ্বাসী হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম মৰ্য্যদা লাভ হব, মনত আনন্দ বাঢ়িব, লগতে পাৰিবাৰিক শুভ  যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, ধনৰ যোগাযোগ হব, লগতে প্ৰেমত শুভ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঋণ আদায় হব, প্ৰেম আৰু কৰ্মত শুভ, লগতে কৰ্মকৌশল বৃদ্ধিৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সাহস বাঢ়িব,যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত এলাহ বাঢ়িব, যদিও শুভ কৰ্মলৈ মন হব, লগতে সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন আগমন বাঢ়িব, লগতে সুখ বৃদ্ধিৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা বাঢ়িব, সমস্যাৰ সমাধান হব যদিও শত্ৰু ভয় বৃদ্ধিৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত আমোদ প্ৰমোদ বাঢ়িব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে সজাগ নহলে মিছা অপৱাদ পোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হব যদিও কৰ্মত সামান্য সাহসৰ অভাৱ হব পাৰে লগতে সজাগ নহলে মনোমালিন্যৰ  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)