বন্য প্ৰাণীৰ অবাধ বিচৰণ

Rinku Rajowar
0
সৌ সিদিনালৈকে জীৱশ্ৰেষ্ঠ মানুহৰ ভয়ত
পলাই ফুৰিছিল প্ৰকৃতিৰ চৰাই চিৰিকতি,
বন্য প্ৰাণীবোৰ
নাইবা মানুহে সৃষ্টি কৰা প্ৰদূষণৰ বাবে
মুক্তমনে কৰিব নোৱাৰি বিচৰণ
দিবলগীয়া হৈছিল অকালতে প্ৰাণ বিসৰ্জন।

মানুহৰ ক্ৰীড়া কলাপে বিনষ্ট কৰিছিল
প্ৰকৃতিৰ সেউজীয়া পৰিৱেশ
জল, স্হল, আকাশ, বতাহ সকলোতে
বৃদ্ধি পাইছিল প্ৰদূষণৰ মাত্ৰা
যাৰ ফলশ্ৰুতিত জীৱবোৰ হৈ পৰিছিল কোঙা।

হয়তো ভগৱানো বিতুষ্ট হৈছিল 
মানুহৰ ক্ৰীড়া কলাপত
বহন কৰিব নোৱাৰা হৈ পাপৰ বোজা
মহামাৰী ৰূপে নিক্ষেপ কৰিলে ক'ৰোনা ভাইৰাছ
সংহাৰ মুৰ্তি ধাৰণ কৰি
বিশ্বব্যাপী এতিয়া চলাইছে সন্ত্ৰাস
সকলোকে গৃহবন্দী কৰি
বন্য প্ৰাণী, চৰাই চিৰিকতিক যোগাইছে উল্লাস।

বিভিন্ন সময়ত প্ৰাদুৰ্ভাৱ হোৱা মহামাৰীবোৰ
নহয়নে বাৰু মানুহৰেই সৃষ্টি
মানুহে সৃষ্টি কৰা প্ৰদূষণ বোৰৰ পৰাই
বিষাক্ত জীৱাণুৰ উৎপত্তি
সেই জীৱাণুৰ আক্ৰমণতেই জীৱশ্ৰেষ্ঠ
মানুহৰ হয় লটিঘটি
হেৰুৱাই  বংশ-পৰিয়াল, আত্মীয় স্বজন
জীৱনটো হৈ পৰে অমাৱস্যাৰ ৰাতি।

শেহতীয়াকৈ আবিৰ্ভাৱ হোৱা ক'ৰোনা ভাইৰাছে
বিশ্বব্যাপী লগাই সন্ত্ৰাস
কাঢ়ি নিছে হাজাৰ হাজাৰ মানুহৰ প্ৰাণ,
ৰজা, প্ৰজা সকলোৰে কৰি দিছে টোপনি হৰণ
উদ্ধাৰৰ পোৱা নাই উপায়
গ্ৰহণ কৰিব লগা হৈছে গৃহ বন্ধন,
হয়তো এইয়া ভগৱানৰেই ইচ্ছা
জীৱশ্ৰেষ্ঠ মানুহক গৃহবন্দী কৰি
প্ৰকৃতিৰ আন প্ৰাণীবোৰক কৰিবলৈ দিছে
অবাধ বিচৰণ।

📝 ব্ৰহ্মদেৱ গোস্বামী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)