আকৰ্ষণৰ সিদ্ধান্ত- সফলতাৰ ৰহস্য খণ্ড - ০৪

©Admin
0


 "আকৰ্ষণৰ সিদ্ধান্তৰ" পোনপটীয়া উত্তৰ হব আকৰ্ষণ কৰা ৷ যিদৰে এটা চুম্বকে আইৰণক নিজৰ ফালে আকৰ্ষিত কৰে নাইবা নিউটনৰ মধ্যকৰ্ণ শক্তিয়ে যিদৰে পৃথিৱীৰ সকলো বস্তুকেই নিজৰ ফালে আকৰ্ষণ কৰে  ঠিক তেনদৰে আকৰ্ষণৰ সিদ্ধান্ত হ'ল আপুনি যিটো ভাৱে সেইটো আকৰ্ষণৰ সিদ্ধান্তই আকৰ্ষিত  কৰে ৷

ইয়াক   উদাহৰণসহ বুজাবলৈ প্ৰয়াস কৰিছো যদি আপুনি ভাৱে  সুখ, সমৃদ্ধি , সুস্বাস্থ্য , জনপ্ৰিয়তা , উত্তম ৰিজাল্ট , শান্তিপুৰ্ণ জীৱন , ভৰপূৰ টকা পইচা ,  কোনো সমস্যা নাই তেন্তে সেইয়াই হব ৷ 

আৰু যদি আপুনি ভাৱে  সদায় দুখ বেমাৰ , টকা নাই পইচা নাই অশান্তি  সমস্যাৰ অন্ত নাই , পঢ়াত বেয়া বাবেই ৰিজাল্ট বেয়া তেন্তে সেয়াই হব ৷

এতিয়া আপোনাৰ মনত প্ৰশ্নৰ উদয় হৈছে এয়া কি আমি আমি দেখােন সেইবোৰ সদায় ভাৱো কিন্তু আমাৰ জীৱনত কোনো পৰিবৰ্তন নহয় ? তেন্তে মই কওঁ আপুনি ভুলকৈ ভাৱে ৰব খং নকৰিব আপোনাৰ যে খং উঠিছে এয়াই আপোনাৰ প্ৰথম ক্ৰিয়া ( ৰিয়েকচন ) অৰ্থাৎ আপোনাৰ বিচাৰধাৰাৰ ওপৰত ভিত্তি কৰিহে আকৰ্ষণৰ সিদ্ধান্তই কাম কৰে আকৰ্ষণৰ সিদ্ধান্তই  ভাল বেয়া বিচাৰ নকৰে মাথো ক্ৰিয়া কৰে ৷

 আকৰ্ষণৰ সিদ্ধান্তৰ পৰা ফলাফল পাবলৈ হ'লে আপোনাৰ কেইটামান গুণ থকাৰ প্ৰয়োজন এইয়া হৈছে - ধৈৰ্য্য , সহনশীলতা , ইতিবাচক চিন্তা কৰিবপৰা ক্ষমতা , দৃঢ় আত্মাবিশ্বাস , একাগ্ৰতা , কৰ্মস্পৃহা আদি৷

যদি আপুনি এইকেইটা গুণৰ অধিকাৰী হয় তেনেহলে আপুনি আকৰ্ষণৰ সিদ্ধান্তৰ পৰা ভৰপূৰ লাভ উঠাব পাৰিব ৷

এতিয়া আপুনি জানিব আকৰ্ষণৰ সিদ্ধান্তৰ সম্পূৰ্ণ নিয়মাৱলী তাৰ কাৰণে আপুনি জিজ্ঞাসু নে ? আৰু যদি আপুনাক বিৰক্তি লাগিছে তেন্তে ইমানতেই অধ্যয়ন সামৰি দি ৰিলেন্স হৈ লৈ এতিয়ালৈকে কি কি জানিব পাৰিলে বা শিকিলে একান্ত মনে বহি ফ্লেচবেক কৰক ৷

 সম্পূৰ্ণ ৰিলেক্স হৈ আগলৈ পঢ়ক -

বাকী অংশৰ বাবে অহা সপ্তাহলৈ অপেক্ষা কৰক


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)