দুৰন্ত প্ৰেমিক মানুহজন

©Admin
0
  মানুহজন
  এজন দূৰন্ত প্ৰেমিক
  দুচকুত জাতি প্ৰেমৰ
  সপোন এটাই তিৰ্ বিৰাই থাকে  অহৰহ  ৷

যি সপোন দেশক ভালপোৱা
জাতিক ভাল পোৱাৰ
 দেশক ভালপাবলৈ
কাৰোৰে আদেশ নালাগে  ৷

জাতিতকৈ মই ডাঙৰ নহওঁ
এই সংকল্পৰে
বিপদ সংকুল সময়ত 
দিন ৰাতি একাকাৰ কৰি 
ঘুৰি ফুৰিছে মানুহজন  ৷

আমি যেতিয়া শুওঁ
মানুহজন তেতিয়া ওলাই যায়
আৰ্তজনৰ কাষলৈ  ৷
জাতি--ধৰ্ম বৰ্ণ
উচ্চ-- নীচৰ বিচাৰ নকৰি
ভয়াৱহ সংকটত
কক্ বকাই থকা
মানুহক বচাবলৈ  ৷
শিৰত অপৰিসীম দায়িত্ব
তথাপি
মানুহজন হতাশ নহয়  ৷

ভালপোৱা , বেয়া পোৱা
সকলোৰে আশীৰ্বাদেৰে
ধন্য তেখেত
তাৰবাবেই সকলোতে
উচ্চাৰিত প্ৰচাৰিত 
তেখেতৰ নাম  ৷
তেখেত ধন্য

মানুহজন আমাৰ 
সকলোৰে পৰিচিত
আমাৰ আদৰৰ  ৷
তেখেত ...?

📝হেমেন হাজৰিকা
                 মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)