সেউজ বননীৰ এচুকত
নিস্তব্ধতা সাৱটি
উচুপে প্ৰতিদিন এটি আকাশে
এটি আপোন কুটিৰ
সপোনৰ ডেউকা চেকুৰাই
হালধীয়া চৰাইয়ে পুৱা জগাই
ৰান্ধনী বেলিৰ পোহৰত
ঘৰমুৱা চৰাইজাকে
গধূলি হোৱাৰ উমান দি যায়....
মনলৈ আহে ...
দিন-প্ৰতিদিন
এবুকু কল্পনা
মুক্ত আকাশৰ তৰাৰ
দেশত ভাহি ফুৰোঁ
প্ৰত্যক্ষ কৰোঁ
শুকুলা মেঘৰ আৰত
চন্দ্ৰমাৰ লুকাভাকু
ক্ষণে ক্ষণে
বৰ্হিমণ্ডলৰ ৰোগাক্ৰান্ত দেহ
দুচকুত ইমানেই চকুলো
নাথাকে নাথাকে
উপঙি এনেকৈ বায়ুত,
দুপৰ নিশা
টুপ টুপ
নিশব্দে
সৰি পৰা পৃথিৱীৰ চকুলো
সাৰ পাই প্ৰকৃতিৰ তদ্ৰুপ তন্ময়
দুখৰ চকুলো মুচিবলৈ
এজাক চকুলো নামি আহে
মোৰ দেশলৈ....
দুটি ওঠ খামুচি
উচুপি উঠো নিৱৰে বহুৰাতিলৈ।
নিস্তব্ধ আকাশৰ উচুপনি ৷
📝নৃপেন ৰাজোৱাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ