কৃষি ভিত্তিক লোক উৎসৱ বাইখো -০১

©Admin
0
অসমীয়া লোক--সংস্কৃতিৰ পথাৰখন সঁচাকৈয়ে বিভিন্ন গৌৰবোজ্বল তথ্যৰে সমৃদ্ধ হৈ আছে  | তাৰেই চহকী কৰি ৰাখিছে আমাৰ বাৰে ৰহনিয়া কৃষ্টি--সংস্কৃতিৰ পথাৰ | আজিৰ পৰা প্ৰায় বহু হাজাৰ বছৰ আগেয়ে আমাৰ ৰাজ্যখনলৈ অষ্টিক ,দ্ৰাবিড় আৰু তিৰ্বত--বাৰ্মী জনগোষ্ঠীয় লোক সকল আমাৰ গৌৰৱথলী ব্ৰহ্মপুত্ৰ উপত্যকাৰ অতি সাৰুৱা আৰু সমতল ভূমিলৈ ধাপলি মেলিছিল | প্ৰাকৃতিক সৌন্দৰ্যই তেওঁবিলাকক হাত বাউলি মাতিছিল | ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ সাৰুৱা মাটিকেই আশ্রয় কৰি তেওঁলোকে কৃষিকেই জীৱনৰ একমাত্ৰ সম্বল হিচাবে বাচি লৈছিল | ৰাভা জনগোষ্ঠীৰ লোক সকলো এই অষ্ট্ৰিক--তিব্বত--বৰ্মী লোক সকলৰ অৰ্ন্তগত | এই লোক সকল হৈছে প্ৰকৃতিৰ একান্ত উপাসক | প্ৰকৃতিয়েই হৈছে তেওঁবিলাকৰ জন্মদাত্ৰী মাতৃৰ নিচিনা | জীৱন ধাৰনৰ বাবে আৱশ্যক হোৱা প্ৰয়োজন হোৱা প্ৰতিবিধ সামগ্ৰী প্ৰকৃতিৰ পৰাই আহৰণ কৰে | তাৰবাবেই তেওঁলোকে প্ৰকৃতিৰ সতে সমানে সমানে তাল মিলাই প্ৰকৃতিৰ প্ৰতি সন্মান , ভক্তি ,সেৱা আগবঢাই বছৰটোৰ কাৰণে আৱশ্যক হোৱা শস্য কৰিবৰ বাবে আৰু ইয়াৰ পৰিমাণ বৃদ্ধি কৰাৰ হেতু  প্ৰাকৃতিক দেৱতা বা ঈশ্বৰক বিশেষ ভাবে প্ৰাৰ্থনা জনায় | এই প্ৰাৰ্থনাৰ জৰিয়তে আড়ম্বৰপূৰ্ণভাৱে যি পৰব পালন কৰিবলৈ লোৱাস হয় সেয়াই হৈছে অতি মোহনীয়া  বাইখো উছব  |    আগলৈ পঢ়িবলৈ ইয়াত ক্লিক কৰক

📝হেমেন হাজৰিকা
                মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)