আকুলতাৰ গান

©Admin
0

তোমাৰ চকুযুৰিত হঠাতে বৰষুণৰ গোন্ধ পাওঁ
মৃদু শিহৰণ হৃদয়ৰ আঁহে আঁহে 
শিৰাই শিৰাই মৰমৰ প্ৰতিধ্বনি 
দুবৰিৰ নিথৰ দাপোনত চাই লওঁ সপোনৰ ৰং 

তোমাৰ হাঁহিৰ জলপ্ৰপাত কাণত বাজি উঠে 
আকুল কৰে বতাহত এৰি দিয়া মৰমবোৰে
তোমাৰ কথাাবোৰ আলফুলে উৰুৱাই নিয়ে বতাহৰ সুৰে সুৰে ।

শীতল সুহুৰি কাণত বাজি উঠে 
আকাশে চুৰ কৰে আমাৰ প্ৰেম - - -!!
অভিমানত উফন্দি উঠে মন- - - - - 
সৰা শেৱালি বুটলি হিয়াৰ নোটবুকত 
গুজি থলো কোমলকৈ- - - !!

বাট চাই ৰওঁ তুমি অহালৈ
তুমি ৰৈ নাথাকিবা - - - - !
মইয়েই যাম হিয়াৰ চুমাটি ভৰাই।
শেৱালি হৈ ফুলিম তোমাৰ পদুলিত
পুৱা হাঁহি মাৰি সৰি ৰ'ম
দুবৰিৰ মৰম বিচাৰি - -   !!

তোমাৰ আঠুৰ কাষত মূৰ গুজি দিম
হৃদয়  কাতৰ আহ্বানত 
ওপৰত নীলা ছাতি  মেঘৰ নিচিনা 
মাথোঁ শীতৰ শুকান কাঁইট  লৈ
মোক নিবিন্ধিবা
স্নায়ুত শিহৰণ জগাই তুলিবা- - -   !!
                    
📝ৰুমী দত্ত কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)