কাম্বাং (খণ্ড-২)

©Admin
0

যোৱা সংখ্যাৰ পিছৰ পৰা

উল্ল্যেখ ৰাভা নাৰীসকল কাজি শিপিনী আৰু বোৱনী | বিয়া-বাৰু আদি ক্ষেত্ৰত শিপিনী বা কাপোৰ বব জনা ছোৱালীকহে বেছি অগ্ৰাধিকাৰ দিয়া হয়  | ৰাভা সমাজত প্ৰচলিত ফুলৰ চানেকি সমূহক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি  | যেনে --- (ক) জীৱ জন্তু বিষয়ক ফুল বা চিত্ৰ | (খ) প্ৰাণী বিষয়ক বিভিন্ন চানেকি বা চিত্ৰ (গ) ঘৰুৱা বিষয়ক চিত্ৰ (ঘ) গছ গছনি আৰু ফল মূল , ডাল -পাত আদিৰ চিত্ৰ (ঙ) বিভিন্ন বিষয়ৰ চিত্ৰ  | মুঠতে অসংখ্য চিত্ৰ বা ফুলৰ চানেকি আছে  |
     কাপোৰ বোৱা হয় তাতশালত | ৰাভা সকলৰ তাতশাল তিনি প্ৰকাৰৰ | (ক) কাংকাৰ তাত বা কুম্ চিমপ্ৰাং(কঁকালত বান্ধি কাপোৰ বোৱা তাঁত | (খ) গান্ জিপাই বা লাছ গানজি (সাধাৰণ তাঁত) (গ) আধুনিক তাঁতশাল | আগেয়ে ৰাভা তিৰোতা সকলে কঁকালত "কমচিম্প্ৰাং লৈ কাপোৰ বৈছিল | চিম্প্ৰাং (চিম্প্ৰাং) মানে ৰাভা ভাষাত কঁকালত বান্ধা ৰচী | এয়া হৈছে মাটিশাল অৰ্থাত কঁকালত বান্ধা তাঁতশাল | এই শালৰ কাৰণে বাঁহৰ মাৰি , ৰচী ,আৰু চামৰাৰ বেল্ট প্ৰয়োজন হয় | এই শালত ৰাচ ব নাচনী গৰকা দৰেপতিৰ আৱশ্যক নাই | মাটিশাল বা কঁকালত বন্ধা শাল আজিকালি প্ৰায় নাইকিয়া হৈছে ---- তাঁতশাল বা সাধাৰণ শালতহে কাপোৰ বয় | মাটিশালত বোৱা কাপোৰ ভাল আৰু খমখমীয়া হয় | কাংকাৰ তাঁতি বা কম্চিমপ্ৰাং (মাটিশাল)ক প্ৰাৰম্ভিক পৰ্যায়ৰ বয়ন যন্ত্ৰ বুলি কোৱা হয় |  আগলৈ

      হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)