লিমাৰিক

Rinku Rajowar
0
                      (০১)
নাখাওঁ বুলি ভাবে তাইৰ হাতে ভাত
ঘূৰি ঘূৰি আকৌ দেখোন তাইতে হাত
কিমান খায় শপত
ধৰি নিজৰ মূৰত
কুকুৰে নোশোৱাকৈ থাকিবনে ছাঁইত ।

                    (০২)
শাড়ী নাপায় শ্ৰীমতী খঙত জ্বলিছে
চিন্তাই ভূধৰক খুলি খুলি খাইছে
নাই চাকৰি বাকৰি
নুবুজে অবুজ নাৰী
হাজিৰাও যে নাই তলাবন্ধত আছে ।

📝ব্ৰহ্মদেৱ গোস্বামী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)