উদযাপিত নহ'ল ব'হাগ

Rinku Rajowar
0
কপৌৰ সু-গন্ধি চতিয়াই
ব'হাগ নাহিল  |
বহল পাতৰ নাহৰৰ ডালি
পিতাইৰ অনা নহ'ল  |
বাইজনীৰ মনটো
সেমেকি থাকিল  ,
ৰচঙা কপৌ
খোপাত যে পিন্ধা নহ'ল  |
তিল গুৰৰ দিহা নহ'ল ,
আইতাৰ থাপনাত চাকিগছি
ঢিমিক ঢামাককৈ জ্বলি থাকিল  |
জেতুকা , থেৰেজু ,বৰ্হমথুৰি
মাখিয়তী গছতে শুকাল  |
মাহ ,হালধীও গাত ঘহাঁ নহ'ল
ঢোল , টকা ,পেপাঁ
সুগৰ কৰিবলৈ হাত দিছিলো সিও নহ'ল  |
বাপতি সাহোন বিহুটি
এইবাৰ নিজম হৈ ৰ'ল  |
আই যে নৰিয়াত পৰিল
আইৰ টান নৰিয়া
কেনেকৈ উদযাপন কৰো ব'হাগ | 
নাপাতি থাকিব নোৱাৰা ব'হাগটো এইবাৰ উদযাপন
কৰিব নোৱাৰিলো  |

 📝হেমেন হাজৰিকা
  মিৰ্জা,কামৰূপ অসম |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)