ধৰা দিয়া নকৰি আত্মগোপন

Rinku Rajowar
0
টেলিভিচনৰ পৰ্দাত
সমগ্ৰ বিশ্বতে প্ৰত্যক্ষ কৰিছিলোঁ
অদৃশ্য শত্ৰুৰ কৱলত পৰি 
ছটফটাই থকা মানৱৰ চিৎকাৰ
হাজাৰ হাজাৰ মৃত দেহবোৰ দেখি
মন ভীতিগ্ৰস্থ হৈ দুখত পৰিছিলো ভাগি
প্ৰাৰ্থনা কৰিছিলোঁ ভগৱানক
অদৃশ্য শত্ৰুক মষিমূৰ কৰি
মানৱক কৰিবলৈ উদ্ধাৰ।

দুদিন আগলৈকে
মনটো ভাল লাগি আছিল অন্ততঃ 
নেদেখি আপোন মাটিত সেই শত্ৰুৰ অত্যাচাৰ
ভাবিছিলো নিৰাপদ হৈ থাকিব জননীৰ সন্তান
কিন্তু "ভবা কথা নহয় সিদ্ধি, 
বাটত আছে কনা বিধি" প্ৰবচনটোৰ সত্যতা
যেন প্ৰতিফলিত হ'ল
এচাম অদূৰদৰ্শীয়ে আমন্ত্ৰণ কৰি আনিলে শত্ৰুক
বদনে মানক অনাৰ দৰেই
আলিঙ্গন কৰি ইজনে সিজনক,
গ্ৰহণ কৰিলে আহাৰ একেখন থালতে
দেখুৱালে  আত্মা অভিন্ন
সকলোৱে একে ঈশ্বৰৰ সন্তান।

বিপদ সেইখিনিতেই হ' ল
ভক্তিৰ নামত নাৰাখি কোনো ব্যৱধান
বিদেশী স্বদেশী একগোট হৈ কৰিলে কৰমৰ্দন
বহন কৰি আনিলে অদৃশ্য শত্ৰুক নিজ শৰীৰত
মেলি দিলেহি আহি নিজৰ স্বদেশত, 
যাক লৈ এতিয়া চিন্তিত দেশৰ জমগণ
ৰজা, প্ৰজা সকলোৰে হৈছে নিদ্ৰা হৰণ।

হেৰৌ অবিবেচকহঁত
কৰিলি বাৰু অদৃশ্য শত্ৰুক নিমন্ত্ৰণ
পিছে কৰি আছ কিয় আত্মগোপন
নিজৰ আত্মীয় স্বজনক
ঠেলি দিছ কিয় মৃত্যুৰ দুৱাৰ দলিলৈ
চেতনা কিয় অহা নাই মনত।

আছে যদি তহঁতৰ স্বদেশলৈ মমতা
দেখিবলৈ যদি মন নাই নিজ পুত্ৰ কন্যাৰে
সৃষ্টি হোৱা মৃত্যু উপত্যকা
ধৰা দেহি নিজে নিজে
গ্ৰহণ কৰ চিকিৎসা শাস্ত্ৰৰ বিধান
তহঁতৰ লগতে হ'ব সমাজৰ মংগল।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)