আহিন মাহত চৌদিশে দেখো
সেউজী-সেউজী-সেউজী ধাননি ।
আহিন মানেই সেউজীয়া পথাৰ,
বিশাল বিশাল ধাননি পথাৰে
মন মােহিত কৰে ।
যি পিনেই চােঁৱা -
মাথাে সেউজ বৰণে আৱৰা ধৰা ।
আহিনৰ পথাৰ গাভৰু হ'ল ।
আহিনৰ পথাৰ এতিয়া গৰ্ভৱতী ।
সেই পথাৰ কিমান যে শুৱনি ।
সেউজী আহিনৰ
আবেলি -বেলিৰ গােন্ধ আৰু
মৃদু কােমল জহাধানৰ
গােন্ধে বিয়পাই-
ৰিঙিয়াই বাতৰি দিয়ে
সোণালী আঘােণৰ ।
শদিয়াৰ পৰা ধুবুৰীলৈকে
জােনাইৰ পৰা কাছাৰলৈকে দেখাে
আহিনৰ সেউজীয়া হাঁহিবােৰ ।
অসম সেউজী হয় - আহিনত ।
আহিনৰ হাঁহিয়েই - অসমৰ হাঁহি ।
আহিনৰ ধানৰ থােকে
ভুমুকি মাৰে আকাশলৈ
প্ৰাপ্তিৰ হাঁহি মাৰি
সকলোৰে মন জুৰাই
খেতিয়কৰ মনত দিয়ে
আশাৰ সঞ্চাৰ ।
তৰাবুলীয়া আহিনক
কিমান যে ভাল পাওঁ,
কােমল মনীয়া আহিন,
তুমি আমাৰ ঋতুৰ -জী
আহিন নাহিলে - আঘােণাে নাহে,
আহিনৰ পথাৰ গাভৰু হ'ল ॥
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ