গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা-০৩

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা ---
তাৰ বাবেই আমি কিতাপ পঢ়াৰ অভ্যাস ছাত্ৰ অৱস্থাৰ পৰাই গঢ়ি তুলিবৰ বাবে চেষ্টা কৰিব লাগিব | অৱশ্যে এই অভ্যাস একেদিনাই গঢ়িব নোৱাৰি | তাৰবাবে আমাক কিছু সময়ৰ দৰকাৰ হ'ব  |
এবাৰ এই অভ্যাস গঢ়ি লব পাৰিলে আমাৰ যে কিমান উপকাৰ হব সেই কথা নকলেও সকলোৱে অনুধাৱন কৰিব পাৰে | আগতে কিছু কিছু গাৱত অথবা ক্লাব সংঘ আদিত গাৱলীয়া পুথিভৰাল আছিল | সেই পুথিভৰাল সমূহত আবেলি পৰত গ্ৰন্থ পিপাসুবোৰে তাত বহি কিতাপ পঢ়ি সময় অতিবাহিত কৰিছিল | তেতিয়াৰ দৰে সমাজত অপকৰ্ম সমূহ কমকৈ সংঘটিত হৈছিল | তেতিয়াৰ দিনত আজিৰ দৰে facebook, whatsapp twitter   আদিৰ ব্যবস্থা নাছিল | কিহৰ কাৰণত সেই সেই অঞ্চলত পুথিভৰাল সমূহ বন্ধ হৈ গ'ল তাৰ কাৰণ বুজিব নোৱাৰি | তাৰ বাবেই আমি নৱ প্ৰজন্মৰ ছাত্ৰ/ ছাত্ৰী সকলৰ অধ্যয়ন অভ্যাস গঢ়ি তুলিব লাগে বুলি উপলদ্ধি কৰিছো  | 
গ্ৰন্থ অধ্যয়নৰ যি সোৱাদ , যি নিচা তাক আনৰ লগত ৰিজনি কৰিব নোৱাৰি | গ্ৰন্থ অধ্যয়ন কৰিলে মনৰ দিগন্ত উদয় হয়  | নতুন কথা শিকিব পাৰি | মনলৈ বেয়া চিন্তা , আনৰ অহিত চিন্তা কৰিব পৰাকৈ চিন্তা মনলৈ আহিব নোৱাৰে  | 
আগলৈ --

📝হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)