নিজান ৰাতিৰ শব্দ

©Admin
0
ৰাতিৰ নিজানত মুক্ত আকাশৰ তলত বহি
দেখা পাওঁ জোনৰ উজ্বলতা
মাজনিশা ৰাতিৰ নিজানত 
ইমান যে মধুৰ হয় কবিতাৰ শব্দ বিলাক
জোনৰ দৰে পোহৰাব খোজো
মোৰ কবিতা পৃষ্ঠাৰ আৰম্ভণি
মাজনিশাৰ শব্দৰ মাধ্যমেৰে
আৱেগ অনুভূতি প্ৰদান কৰো কবিতাৰ ৰূপত।
মাঁথো বিচাৰি নাপাওঁ ছন্দ, অলংকাৰ
শব্দৰ প্ৰতিটো লহৰত
কাগজৰ পৃষ্ঠাই পৃষ্ঠাই
কবিতাৰ অৰ্থ বিলাক
নাপাওঁ বিচাৰি
খাওঁ হাবাথুৰি
নিজান ৰাতিৰ শব্দ।।


কাশ্মিৰী মানকি
বৰহোলা, (তিতাবৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)