অব্যক্ত অভিব্যক্তি

©Admin
0
নিস্তব্ধতাৰ আৰত সাৰে আছোঁ 
এটোপাল চকুপানী লৈ...
প্ৰতিটো উশাহত যেন
ভয়ৰ অঘোষিত প্লাৱন,
প্ৰাপ্তি-অপ্ৰাপ্তিৰ
অভিনয়
মাথোঁ জীৱনৰ
অহা -যোৱাৰ নিৰন্তৰ প্ৰতিযোগিতা,
সময়ৰ সতে প্ৰিয়
মানুহবোৰ.. 
অভিনয় কৰি আতৰি যোৱাৰ 
সফল মঞ্চস্থ জীৱন নাট...
কি যে বিৰম্বনা,
কি যে অতুৎসাৎ "জীৱনৰ"
থৈ যায় স্মৃতি বোৰ
মনৰ গহ্বৰত সজীৱ কৰি,
ধ্বংসৰ প্ৰাপ্ত সপোনবোৰৰ 
কথা 
নোৱাৰি বৰ্ণনা কৰিব,
ধুমুহাৰ সতে আছে যে
নিবিড় সম্পৰ্ক... 
উশাবোৰৰ সতে আছে
নতুন সপোন দেখাৰ ব্যাকুলতা...
আপোন আপোন লগা  দুধাৰী অশ্ৰু ধাৰা..৷     

 📝নৃপেন ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)