আমাৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

©Admin
0


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট জিলাত অৱস্থিত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব বিখ্যাত এশিঙিয়া গড়ৰ বাবে এই গড় এছিয়া মহাদেশৰ ভিতৰত একমাত্ৰ ভাৰতৰ ৰাজ্য অসম প্ৰদেশৰ গোলাঘাট জিলাতে হে দেখিবলৈ পোৱা যায় ৷ এশিঙিয়া গড় চাবলৈ দেশ বিদেশৰ পৰা পয্যটকৰ সমাগম ঘটে ৷

১৯০৮চনত কাজিৰঙা অৰণ্যৰূপে এক সুন্দৰ প্ৰকৃতিৰ সৃষ্টি হৈছিল আৰু ১৯৬৯ চনত ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হয় ৷ ২০০৬ চনৰ অনুসন্ধান কৰাৰ পাছত কাজিৰঙা পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বাঘৰ বসতি স্থান বুলি গম পোৱা যায় ৷

 ইয়াৰ উপৰিও কাজিৰঙাত  হাতী , ভালুক ,ম'হ , হৰিণা ৷বান্দৰ ৷ বন গাহৰি , কেৰ্কেটুৱা , টুপী বান্দৰ ,নাহৰফুটুকী বাঘ , আদিৰ লগতে পৰিভ্ৰমী চৰাই  মইনা, কেতেকী , বৰটোকোলা , মৌ পিয়া ,কুলি , তথা নানা জাতৰ পখী দেখিবলৈ পোৱা যায় ৷ কাজিৰঙাত বহুতো প্ৰজাতিৰ দুৰ্লভ  ঔষধি গছ গছনি আৰু তৃণজাতীয়  বননিৰে ভৰপূৰ কাজিৰঙাৰ মুঠ প্মাটিকালি ৪২৫ বৰ্গ কিলোমিটাৰ ( ২০০৯ চনত আমৰ স্কুল তৰফৰপৰা যুগোটোৱা তথ্যমতে ) কাজিৰঙাত প্ৰায়  ২০০ বিধমান জলচৰ আৰু স্থলচৰ বিভিন্ন জাতৰ প্ৰাণী পোৱা যায় ৷

কাজিৰঙাত চাৰিপ্ৰকাৰৰ বনজ সম্পদ পোৱা যায়কাজিৰঙাৰ মুঠ গড়ৰ সংখ্যা ১১৯৪০ টা ( ২০০৯ চনৰ হিচাপে ) ৷

কাজিৰঙা এখন অতি মনোৰম বনাঞ্চল প্ৰকৃতিৰ এক অনুপম সৌন্দৰ্য বিৰাজমান ৷ সেইবাবে দেশীয় বিদেশীয়  পয্যটকৰ আকৰ্ষণৰ  কেন্দ্ৰস্থল ৰূপে পৰিগণিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

প্ৰতিবছৰে ৰাজ্য চৰকাৰৰ  ৰাজকোষত বিপুল পৰিমাণে বিদেশী মুদ্ৰা সংগৃহীত হয় ৷ কিন্ত দুখৰ কথা দিনকদিনে কাজিৰঙাৰ বনাঞ্চলৰ পৰিমাণ কমিবলৈ ধৰিছে কাষতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ বানে আৰু গৰাখহনীয়াই শশ জীৱ জন্তুৰ কাৰণে বিপদ মাতি আনে ৷ বালপানীত বহুত জীৱ জন্তুৱে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷এইয়া এটা ডাঙৰ সমস্যা ৷ আনএটা ডাঙৰ সমস্যা হ'ল বাংলাদেশীৰ প্ৰৱেশ প্ৰতিবছৰে বাংলাদেশী কাজিৰঙাত সোমাই বননি ধ্বংস কৰি ৰাতিটোৰভিতৰতে ঘৰ সাজি লয় ৷ আন এটা সমস্যা হ'ল একাংশ স্বাৰ্থপৰ লোকৰ বলি হয় কাজিৰঙাৰ নিষ্পাপ বন্যপ্ৰাণী ৷ শেষত এটাই কথা কওঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তথা ভাৰতৰ আপুৰুগীয়া সম্পত্তি আৰু আমাৰ গৌৰৱ গতিকে কাজিৰঙা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে আমিও সহযোগী হৈ আগবাঢ়ি যাব লাগে ৷


📝দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)