মাজুলীৰ বৰগঞা গাওঁ। মাঘ বিহুৰ বাবে বহুত দিনৰ আগৰে পৰাই অসমৰ মানুহে চিৰা, সান্দহ, তিল,গুৰ, বৰা চাউল আদি খাদ্য সম্ভাৰ গোটাই লয় । সেইদৰে, মাঘৰ বিহুৰ আগে আগে বিহুৰ বাবে যা-যােগাৰ কৰাত সচৰাচৰ সেই গাৱঁৰ তিৰোতাসকলো ব্যস্ত হৈছিল। তেওঁলোকৰ দূৰৈৰ বাৰীত কাঠআলু ৰুই থােৱা আছিল , দুইজনী জাই লগলাগি কাঠ আলু খন্দাত লাগিল। খানি খানি বহুত দ কৈ খানিলে, কিন্তু কাঠআলু নাপালে তাৰ পৰিবৰ্তে মাটিৰ কলহত সােণৰ মুদ্ৰা দেখা পালে । দুয়ােজনীয়ে আলু খন্দা এৰি ভয়তে কিবা দেও- ভূতহে ওলাইছে বুলি য'ৰে বস্ত ত'তে এৰি কােবা-কােবিকৈ পােনেই ঘৰ ওলাইছিলগৈ ।
তাৰ কাষৰ মানুহঘৰে সমস্ত ঘটনা প্ৰত্যক্ষ কৰি আছিল আৰু সেই ঘৰৰ মানুহে সোণৰ মােতকীটাে মনে মনে আনি থলে । কিছুমানে সেই কথাতো গম পালে। তেওঁলোকে অলপ -অলপকৈ সোণৰ মুদ্ৰাবােৰ বিক্ৰী কৰি বহুত ধন পাইছিল । ঘৰত সোণৰ মোতকী অনাৰ পিছৰ পৰাই সেই ঘৰৰ অৱস্থা দিনক - দিনে ভাল লৈ আহিবলৈ ধৰিলে । সকলোৰে চকুত পৰাকৈ ধনী হৈ আহিল; মুঠতে চাৰিওফালে নদন-বদন অৱস্থা হৈছিল ॥
কিন্তু, মানুহৰ দিন সদায় একেদৰে নাযায় । এনেদৰে কিছুবছৰ যােৱাৰ পিছত ঘৰত এটা - এটাকৈ বিপদ -বিঘিনীয়ে দেখা দিবলৈ আৰম্ভ কৰিলে । শেষত ঘৰৰ ডাঙৰ লৰাতাে ডেকা অৱস্থাতে ঢুকাই থাকিল । ল'ৰাটাে ঢুকুৱাৰ পিছত পতি- পত্নীৰ মনত দুখ কুলাই - পাচিয়ে নধৰা অৱস্থা হ'ল । সেই আনন্দৰ দিনবােৰ হেৰাই যোৱাৰ উপক্ৰম হ'ল । লাহে লাহে আগৰ দৰে দুখীয়া হবলৈ ধৰিলে শেষত গৈ গৈ পথৰ ভিক্ষাৰী হলগৈ । মানুহৰ ঘৰে-ঘৰে ভিক্ষা কৰিব লগীয়া অৱস্থা পাইছিলগৈ ।
সেই গাঁৱৰ মানুহে তেওঁলোকে দেও - ভূত,কালিকা লগা সোণৰ মোতকী আনি ঘৰত সোমোৱাৰ কাৰণে তেনে দশা হ'ল বুলি কয় । আৰু সেই দেওলগা দেওৱেই ল'ৰাটাে মাৰি নিয়া বুলি মুখে মুখে প্ৰচাৰিত ।
এই কাহিনী সমূহ ষাঠি দশকৰ আগৰ সত্য কাহিনী আছিল । এনেবােৰ পৰিঘটনা বা ঘটনা সেই সময়ত গাওঁ-ভূঁই বিলাকত বহুত আছিল বুলি কাহিনী সংগ্ৰহ কৰা গাওঁখনৰ মানুহৰ মুখত শুনিছিলো । এটা যুগত সমাজ বা প্ৰাকৃতিক পৰিৱেশত বিভিন্ন অশৰীৰী বা দেও আদিৰ বিচৰণ সম্বন্ধীয় ধ্যান -ধাৰণাবােৰ সংগ্ৰহ কৰি উপস্থাপন কৰিলো ।
( বি: দ্ৰ :: সেই গাঁৱৰে মানুহৰ পৰা সংগ্ৰহ কৰা সত্য কাহিনী )
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ