ঘিৰিংকৈ গৰজি উঠিল মেঘে
নামি আহিল বৰষুণ
লঠঙা গছ-গছনি
ন-কুহি পাতেৰে ভৰি পৰিল
গছত ফুলিল নাহৰ তগৰ কপৌ কেতেকী
গছৰ ডালে ডালে
পাতৰ আৰে আৰে
অমিয়া সুৰেৰে গীত জুৰিলে
বেচেৰা কুলিটিয়ে
নিৰৱে অকলে
নাই ঢোলৰ মাত
নাই পেপাৰ মাত
নাই ভঙা নাচনীৰ ককাল
আতংক মহাআতংক
সকলো ফালে কৰুণাৰ আতংক
মৰমীয়ে আপোন চেনাইটি বিহুৱান খন দিম বুলি
মনতে পাঙিছিল
সিফালে চেনাইটি ও মনতে পাঙিলে মনৰ মৰমীৰ
লিহিৰি হাতত গামখাৰু এযুৰি
নেঘেৰী খোপাতে
কপৌফুল গুঁজি দিম বুলি
নাহিব যেন পাও সুখৰ বতৰা
নাহৰ কপৌ ফুলিলেও
কুলি কেতেকীয়ে বিনালেও
ওলাব পৰা নাই ঢুলীয়া নাচনী
থমকি ৰৈছে
মাথো অভিমানী হৈ।।
📝ৰুণছেং মহন
চৰাইদেউ জিলা, ধেমাজি বিল গাঁও।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ