সুদিন আহিব দুনাই

Rinku Rajowar
0
পৃথিৱী শুই আছে নিৰব নিস্তব্ধ হৈ 
সাৰে আছোঁ আমি এটি উদ্বিগ্ন মন লৈ
চিন্তা মাথোঁ এটাই
সুদিন কেতিয়া আহিব
কেতিয়া বলিব মনত ৰঙীন বতাহ।

সমগ্ৰ বিশ্বকে কলীয়া ডাৱৰে ধৰিলে ছানি
মৃত্যুৰ বিভীষিকাই যেন ফুৰিছে খেদি
মুক্ত মনেৰে বিচৰণ কৰিব পৰা নাই
মুক্ত আকাশৰ তলত
কোনোৱে চকুলো টুকিছে
আপোনজনক হেৰুৱাই
কোনোৱে আকৌ ছটফটাইছে মৃত্যুৰ ক্ষণ গণি।

মৃত্যু এতিয়া নহয় বিধাতাৰ লিখন
কোন মূহুৰ্ত্তত কাৰ জীৱনলৈ নামি আহে
কাল অমানিশা
কাৰো বিদিত নহয়
পৰিত্ৰাণৰ উপায় মাথো সজাগতা আৰু চাফ-চিকুণতা
বিজ্ঞজনৰ আদেশ মানি
বিচ্ছিন্ন কৰি জনসংযোগ
স্বগৃহতে আবদ্ধ হৈ থকাৰ বাদে গত্যন্তৰ নাই
তেতিযা হয়তো স্পৰ্শ নকৰিব বিপদৰ কাল ধুমুহাই।

চলাইছে বিজ্ঞানীয়ে অহৰহ প্ৰচেষ্টা
উদ্ভাৱন কৰিবলৈ ঘাটকৰূপী
মৃত্যুদূতক মষিমূৰ কৰাৰ উপায়
হয়তো আৰু বেছি দিন নাই
উদ্ভাৱন হ'লেই ঘাটকক পৰাভূত কৰাৰ
মৃত সঞ্জীৱনী
নালাগে আৰু গৃহত থাকিব সোমাই
মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰিম বিনাদ্বিধাই
সেইদিনটো অহালৈকে অপেক্ষা কৰোচোন আহা
প্ৰাৰ্থনা জনাই ভগৱানক ঘৰতে সোমাই
নিশ্চয় সুদিন আহিব দুনাই ।

📝ব্ৰহ্মদেৱ গোস্বামী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)