পৰিবৰ্তন

©Admin
0
সময় বোৰ কেনি সৰকি গৈছে মই গমেই পোৱা নাই।
যি দৰে দিন ৰাতি পাৰ হৈ গৈছে।
মোৰ মাজত এক কঠোৰ মানসিকতাৰ উদ্ভৱ হৈছে।
হয়টো পৰিস্থিতিয়ে মোক বেলেগ ৰূপত সৃষ্টি কৰি তুলিছে
নিজৰ পৰিৱৰ্তনক লৈ মই নিজেই চিন্তিত হৈছো।
ইমান আৱেগিক কেতিয়াও নাছিলো মই।
বাস্তৱ জীৱনে মোক বৰ স্বাৰ্থপৰ কৰি তুলিছে।
আত্ম দংশনত মই হেৰুৱাইছো মোৰ নিজস্বতা।
হয়টো অৱহেলিত হোৱাৰ বাবেই মানসিক দংশন মোৰ
বাৰে প্ৰতি নিজক প্ৰশ্ন কৰিছো?
মোৰ এই জীৱন যাত্ৰা স্বাভাৱিক নে?
কিয় মৰিচিকাৰ পাছত দৌৰি ফুৰিছো,কি আছে জীৱনৰ ভৱিষ্যৎ কালত?
মৃত্যু নে অপমৃত্যু?
নাই ইয়াৰ একো সঠিক উত্তৰ নাই।
মাথো অস্থিৰতা
মোৰ এই প্ৰশ্নৰ উত্তৰ মাথো ভিত্তিহীন।
অদৰকাৰী চৰম দূৰ্বলতা।
অযুক্তিকৰ বিৱেগহীন মানৱতাৰ,
নিকৃষ্ট প্ৰতিফলনেই ব্যৰ্থতা।
হয়টো জীৱনে মোক কৰি তুলিছে অন্য এক অমানৱ
যি হৃদয়হীন এটি নিৰ্দয়।
এক কঠিন শিলা খণ্ড ৷


 📝প্ৰিয়ংকা প্ৰিয়া ভূঞা



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)