তিনি ভনী আৰু মাছ খোৱা ভূত

©Admin
0
মাজুলীৰ গড়মূৰৰ ওচৰৰ এখন গাওঁ  । তিনিজনী  বাইভনী ,  ক্ৰমে  তিলেশ্বৰী, পদ্মেশ্বৰী আৰু ডিম্বেশ্বৰী ।  কামকাজত বৰ চােকা । একাে কামতে সিহঁতে পিচ নােহােহােকে। তেওঁলোকৰ ৬ গৰাকী বাই -ভনী আছিল, তাৰে ডাঙৰ তিনিগৰাকীয়ে পোৱা অভিজ্ঞতা । তেওঁলোকৰ ভায়েক দুজন তেনেই সৰু আছিল । দেউতাক সৰুতেই ঢুকাইছিল। সেয়েহে, তেওঁলোকে সকলো কাম নিজেই কৰিছিল । কাৰণ, ঘৰত কাক আশা কৰিব ।  এই কাহিনী আছিল প্ৰায় ১৯৪৫ চন মানৰ  । 
 কাতি মাহৰ  শুক্লপক্ষৰ এদিন সন্ধ্যা তিনিও বাই -ভনীয়ে   ঘৰৰ ওচৰৰ  নদীখনত মাছ মাৰিবলৈ  যোৱা কথা আলচিলে  । সেই কেইদিন নদীত মাছ ওলাইছে বুলিও শুনিছিল  আৰু কথা মতেই  মাছ মাৰিবলৈ ওলাল । সন্ধ্যা সময়ত মাছবােৰ নদীৰ পাৰলৈ বেছিকৈ আহে ।
  বচ, কাম বুলি কলে সিহঁত কেইজনী ৰােৱাত নাই, সেইদিনা ওলাল । নাওখনত তিনিও বাই -ভনী উঠিল,  সৰু ভনীয়েকে  নাও বাইছিল, খালৈ ধৰিলে ডাঙৰ বায়েক আৰু জাল মাৰিব মাজু বায়েকে - তাই শিষ্ট পুষ্ট  আৰু ওখপাখ কােনাে কামতে কম নহয় । মাছ মাৰাত লাগিল । অলপ সময় মাছ মাৰাৰ পিছত দেখিলে যে, গাৱঁৰে  বল্লাম খুৰায়ো সিহঁতৰ আগে আগে নাও লৈ  জালেৰে মাছ মাৰিব  লাগিছে ।

     তেতিয়া বাই ভনী তিনিওজনীয়ে ভাবিলে, তেওঁ যদি এনেকৈ আমাৰ আগে আগে মাছ মাৰি যায়, আমি দেখােন মাছেই নাপাম । সেইকাৰণে  সৰু ভনীয়েকক  খৰকৈ  বল্লামক চেৰ পেলাই নাও বাই আগবাঢ়ি যাবলৈ ক'লে আৰু তাই যিমান পাৰে খৰ - খৰকৈ বাইছিল, কিন্তু তেওঁক চেৰ পেলাব  পৰা নাছিল ।
তথাপিওঁ সিহঁতে তেওঁৰ হৰুৱাবলৈ আপ্ৰাণ  চেষ্টা কৰিছিল।  মুঠতে জােৰে জােৰে  নাও  বাই  তেনেদৰে  মাছ মাৰি  মাৰি অাহি  তেওঁলােকে গাৱঁৰ এটা মূৰ পালেহি,  প্ৰায় দেৰকিলমিটাৰ দূৰ হ'ব তেওঁলোকৰ ঘৰৰ পৰা সেই  "দুঘৰীয়া" নামৰ গাওঁখন  পালেহি আৰু সেই গাওঁখন পাওঁতেই বল্লামৰ নাও অন্তৰ্দ্ধান হ'ল । প্ৰতিযোগিতামূলক ভাৱেৰে অাহোতে আহোতে বহুদূৰ আহিলে, গমেই নাপালে ।

তেতিয়া সিহঁতে  কিবা এটা বুজি পাই ঘৰলৈ  বুলি খৰকৈ নাও বাই বাই   উভতিবলৈ ল'লে । তেতিয়াহে বুজি পালে, কিয় সেই নাওখনে  সিহঁতৰ আগে আগে বাই গৈছিল, সেই চলেৰে দূৰৈত লৈ যোৱাৰ পৰিকল্পনা কৰিছিল - সেই বল্লামৰূপী  মাছখোৱা ভূতে । সিহঁতক তেনেকৈ চলকৰি নাও বােৱাইছিল, যাতে বল্লামৰূপী ভূতে সিহতে খেদা মাছবােৰ বেছিকৈ পায় । ভূতে দেখিলে, ইহঁত তিনিগৰাকী একেলগে আছে ; সেয়ে, বলে নোৱাৰিম আৰু বল্লামে বাদ দিলে । 
সিহঁত কেইজনীয়ে  যিমান মাছ মাৰিছিল সিমান মাছ খালৈত নাছিল, মাছ খালৈৰ পৰা নোহোৱা হৈছিল, ডাঙৰ বায়েকে  খালৈ ধৰিছিল । 
তিনিওজনীয়ে মনে মনে ভয় খাইছিল, ভয় খাই সৰুজনী ভনীয়েকক যিমান পাৰে জোৰেৰে নাও বাবলৈ কৈ উভতিছিল  । 
সৰুভনীয়েকে গাৰ সমস্ত জোৰেৰে  নাও বাই ঘৰৰ ওচৰ পোৱাইছিল । 
    নাৱৰ পৰা নামি তিনিও কোবাকুবিকৈ
দৌৰি যোৱাদি গৈ ঘৰ সোমালগৈ ।  গৈ মাক-দেউতাকক আদ্যোপান্ত সকলো বিৱৰি ক'লে । তিনিওজনীয়ে কাণত ধৰিলে নিজে নিজে আৰু  গধূলি মাছ মাৰিবলৈ নাযাওঁ  ।
    সিহঁত তিনিওঁ গৰাকীৰ ডাঙৰ আৰু মাজু গৰাকী পাট গাভৰু, আৰু সৰু গৰাকীৰ বয়স ১৬ বছৰমান আছিল । সেই তিনিওঁ গৰাকীৰ পিছে একাে নহ'ল ।

পিছত উপযুক্ত বয়সত বিয়া - বাৰু হ'ল 
আৰু তেওঁলোকৰ মাজু গৰাকীৰ পুত্ৰ - পুত্ৰীৰ ভিতৰত এজন ইঞ্জীনিয়াৰ, এজন ডাক্তৰ, এজন বেংকৰ বিষয়া ( অৱসৰপ্ৰাপ্ত) , এজন শিক্ষক বাকী সকল  কৰ্মৰত । ডাঙৰ গৰাকীৰ দুই পুত্ৰী আৰু এক পুত্ৰ এতিয়াও জীৱিত (৬৪ বছৰ) ভালদৰে ঘৰ সংসাৰ কৰি  জীৱন নিৰ্ব্বাহ কৰি আছে । সৰু গৰাকীৰ দুই পুত্ৰী আৰু তাইৰ নাতি-নাতিনীৰে ভৰা ধুনীয়া সংসাৰ আছে এতিয়াও (২০২০ চন'তো) ।

  মুঠ কথাত তিনিও গৰাকীৰ শাৰিৰীক আৰু মানসিকভাৱে একো অনিষ্ট হোৱা নাছিল । পিছত বয়স হোৱাত ১৯৮০ - ২০০০ চনমানৰ ভিতৰত স্বাভাৱিকভাৱে তেওঁলোকে নিজা সময়ত মৃত্যুবৰণ কৰিছিল । অৰ্থাৎ সেই সময়ত তেনে ধৰণৰ ভূত - প্ৰেত আদিয়ে মানুহক জোকাই চাইছিল বা সুবিধা পালে সুবিধা লৈছিল । 
সেই মাছ-খোৱা ভূতে তেওঁলোকৰ  কাষত আহি মাছ মাৰা চলেৰে সিহঁতৰ মাছ মনে মনে চুৰি কৰিছিল । মাছ খোৱা ভূত আছে বুলি এতিয়াও (অন্য ঠাইতো, ১৯৭৬ চন) মানুহৰ মুখত শুনিছাে ।
এই প্ৰেতবােৰৰ বিচৰণ এটা সময়ত অলপ বেছি আছিল বুলি শুনা যায় । 
     সেই দিনবােৰত গাওঁ - ভূইবােৰ হাবি - বননিৰেও ভৰা আছিল । 
এই প্ৰেত বিলাক বিশ্বাস কৰা বা নকৰা কথা বিজ্ঞানৰ যুগত নুই কৰিব পাৰে ।  কিন্তু, আগৰ মানুহে তেওঁলোকক বিভিন্ন ঠাইত বেলেগ বেলেগ ৰূপ লৈ আহি মানুহৰ সংস্পৰ্শলৈ  আহিছিল বুলি প্ৰমাণিত হৈছে । এই অলৌকিক শক্তিৰ বিচৰণ আনকি আমেৰিকাৰ হোৱাইট হাউচতো আত্মাৰ বিচৰণ আছে বুলি অন্য লেখনিত পঢ়িছাে । 
 প্ৰকৃততে সেই যুগত ঘটা আৰু মানৱ সমাজে পোৱা প্ৰেতৰ বিচৰণ আছিল, তাকেই লিপিবদ্ধ কৰিলো আৰু চিত্ৰ আকাৰে দাঙি ধৰিলো ।
   তেওঁলােকৰ পঞ্চম গৰাকী ভনীয়েকৰ মুখৰ পৰা এই সত্য কাহিনী সংগ্ৰহ কৰিছাে । যাৰ পৰা সংগ্ৰহ কৰিছাে তেওঁৰ বয়স ৮২ বছৰ, এতিয়াও  তেওঁ জীৱিত । এয়া কোনো কল্পিত কাহিনী নহয় - 
সচাঁ ঘটনা সংগ্ৰহ কৰি লিখা ভূতৰ কাহিনী ॥
(সত্য ঘটনা সংগ্ৰহ)

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)