নিৰ্জনতাৰ এন্ধাৰত বহি
কোন তুমি নাৰী ?
নদীৰ বুকুলৈ অলক্ষিতে চাই
টুকিছা চকুৰ পানী
নিসংগতাক লৈছা সংগী কৰি ।
তুমি দুৰ্ভগীয়া নাৰী
বিধ্বস্ত প্ৰান্তৰ নিৰ্জনতাত আছেনে কোনোবা
জীৱন বাটৰ লগৰী ?
নিসংগতাত ককবকাই নাযাবা উটি ভাঁহি
জীৱন বাটৰ ভটিয়নী সোঁতত
নিদিবা নিজকে এৰি ৷
তুমি
তুমি অৱহেলিত নেকি ?
উজাব খুজিও ৰৈছা কিয় থমকি ?
সকলো বিসৰ্জন দি নদীৰ বুকুত নিবিচাৰিবা
প্ৰেমৰ সহানুভূতি
এতিয়া কিহৰ সময় ?
হিংসা - ক্ৰোধৰ বহ্নি জ্বলোৱাৰ
নে স্মৃতি সৌধ সজাৰ
নে মানৱতাৰ বৈধ্যভূমিত স্বদেশ গঢ়াৰ ?
জীৱনৰ প্ৰতিযোগিতাত আত্মনিয়োগ কৰি
আগবাঢ়া নৰবা থমকি ৷
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ