এইবাৰ ঘৰতে ৰঙালী বিহু উদযাপন কৰোঁ আহক , অন্তিম খণ্ড

©Admin
0

গৰু বিহুৰ পাছৰ দিনা মানুহ বিহু তথা তাৰ পাছৰ দিনা কুটুমে বিহু আৰু এনেদৰে ছয় দিনলৈকে বিভিন্ন নামেৰে ৰঙালী বিহু উদযাপন কৰা হয় আৰু সেষত বিহু উৰুৱা কাৰ্যসূচী পতা হয় সিদিনা বিহুৱা দলে প্ৰীতি ভোজ পাতি গছত অসমীয়া গামোচা বান্ধি বিহু উৰুৱাই সিদিনাৰপৰা বিহুৰ বাদ্যযন্ত্ৰ আৰু অন্যবোৰ সামগ্ৰীক বাকচত তলা দিয়া হয় এই বিহু সামৰাকে চেৰাবিহু বুলি কোৱা হয় ৷

মানুহ  বিহুৰ দিনাখন অসমীয়া সদাজত আত্মাীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত অসমীয়া গামোচা লগতে নতুন বস্ত্ৰৰ আদানপ্ৰদান হয় ৷ তাৰ পাছত চিৰা , দৈ , নানাবিধৰ পিঠাপনা আদিৰ জলপান খোৱা হয় ৷ ইজনে সিজনক বিহুৰ শুভেচ্ছা যাঁচে সকলো মনোমালিন্য পাহৰি এজনে আন এজনৰ ঘৰলৈ যোৱা অহা লোৱা দিয়া কৰে ৷ জেষ্ঠজনক সন্মান দিয়া আৰু আশিৰ্বাদ লোৱা এই বিহুৰ বিশেসত্ব ৷ 

মানুহ বিহু দিনৰপৰাই ৰঙালী বিহুৰ ৰংচঙীয়া বিহু নৃত্য আৰু দলেবলে হুঁচৰি গোৱা বিহু মৰা ৰং ধেমালিৰ আৰম্ভণি হোৱা দেখা যায় ৷ ৰঙালী বিহুৰ এটা পৱিত্ৰ অনুষ্ঠান হ'ল হুঁচৰি গোৱা মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি দলে হুঁচৰি গাই শেষত গৃহস্থই তামোল পানেৰে মান ধৰে আৰু হুঁচৰি দলে ঘৰটোলৈ মংগল কামনা কৰি আশিৰ্বাদ দিয়ে ৷ 

ৰঙালী বিহুৰ আন এটা ৰহণীয় উৎসৱ হ'ল বিহু নৃত্য এই নৃত্য ডেকাগাভৰুৱে মিলি কৰে এই নৃত্যৰ প্ৰাধান্য হ'ল ডেকাগাভৰুৱে এজনে আনজনক গীতৰ মাজেৰে প্ৰণয় বা প্ৰেম নিবেদন কৰে ৷

এটা সময় আছিল যেতিয়া আহোমসকলে অসমৰ শাসন ভাৰ চম্ভালিছিল তেতিয়া শিৱসাগৰ ৰংঘৰ বাকৰিত ম'হ যুঁজ , শেন চৰাই যুঁজ আদি ধৰণৰ নানা বিধৰ খেলধেমালি পতা হৈছিল ৷

কবলৈ গ'লে মুঠতে ৰঙালী বিহু এটা সম্প্ৰতি গঢ়াৰ উৎসৱ কাৰণ এই উৎসৱ অসমীয়া  , বাগানীয়া , মিচিং আদিকে ধৰি অসমত যিমানখিনি জাতি জনগোষ্ঠী বাস কৰে সকলোৱে ৰঙালী বিহুটিক আদৰ সাদৰ কৰি প্ৰতি বছৰে বিদায় দিয়ে ৷

কিন্তু বৰ্তমানৰ এই জৰ্জিত অৱস্থাৰ মাজত অন্য বছৰৰ দৰে ৰঙালী বিহু উদযাপন কৰা হোৱা নাই যদিও মানুহে নিজ বাসভৱনতে  চমুকৈ বিহু পাতিছে ৷ এই লকডাউনৰ সময়তো একাংশ অসমীয়া ট্ৰাফিক পুলিচে কৰ্তব্যৰ মাজতো ৰঙালী বিহু উদযাপন কৰা  দেখা গৈছে গতিকে শেষত আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰি আৰু হিয়াভুকুবা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি এই আলোচনাৰ সামৰণি মাৰিছোঁ ৷


📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)