জীয়াই থাকোতেই - মােৰ চিতা

©Admin
0
জীয়াই থাকোতেই
তুমি , 
মােৰ শৰীৰত কিয় (?) 
বগা কাপােৰ ঢাকি দিলা  ।

আৰু আজি কিহৰ প্ৰস্তুতি কৰিছা
-কিহৰ চিতা সাজিছা (?)
মােৰ "জীয়া শৰীৰতো"  কিয় 
চিতাৰ ওপৰত তুলি দি
মুখাগ্নি কৰিছা ?

মােৰ শয়ন কক্ষৰ 
ছবিখনত কিয় (?) পিন্ধালা
"ফুলৰ মালা" ,
মই -বুজি পালাে আৰু বুজি নাপালো
সন্দেহৰ আবৰ্তত।

তােমাৰ নিভৃত কােণৰ অন্তৰ - আত্মাৰ
লগত কথা পাতি - কােৱা মােক,
" সেই কাৰণ " - মােৰ বাবে তুমি কিয় জীৱন্ত চিতা সাজিলা ?

তেতিয়াও 
সুখ পাম  কিজানি-
"যেতিয়া সঁচাকৈয়ে মােৰ শ্বাসৰূদ্ধ হ'ব"
তেতিয়াহে মােৰ আত্মাই শান্তি পাব ।

মােৰ আত্মাৰ শান্তিৰ বাবে 
তোমাৰ নিভৃত কােণৰ কথাখিনি
কোৱা (?) 
কিয় তুমি অসন্তুষ্ট মােৰ ওপৰত ।
তেতিয়া - এই  মায়া এৰি গুচি যাম,
তোমাক আৰু আমনি নকৰো - কোনোদিন ।
কিন্ত,
"এনেদৰে
নাসাজিৱা মােৰ বাবে জীৱন্ত চিতা" ।
নাসাজিবা জীৱন্ত চিতা ॥

📝মীনা পামে গাম


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)