আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰা অসম সন্তান ডিম্বেশ্বৰ দলে

Rinku Rajowar
0
কষ্ট কৰিলে ৰত্ন পায়,এই বাক্যশাৰীকেই যেন সত্যত পৰিণত কৰি দেখুৱালে লখিমপুৰ জিলাৰ বগীনদী ৰে'লৱে কলনিৰ ২১ বছৰীয়া পিতৃহীন দৰিদ্র যুৱক ডিম্বেশ্বৰ দলে । চুবুৰীয়া দেশ নেপালত ২০১৯ নৱেম্বৰ মাহত  অনুষ্ঠিত  আন্তঃৰাষ্ট্ৰীয় ন'বেল কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ হৈ একমাত্র খেলুৱৈ ৰূপে অংশগ্রহণ কৰি ডিম্বেশ্বৰ দলেই ৰূপৰ পদক লাভ কৰি ভাৰতবর্ষৰ নাম উজ্জ্বলাবলৈ সক্ষম হোৱাৰ লগতে দৰিদ্র পৰিয়ালৰ যুৱকজনে লখিমপুৰ জিলা,বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত অনগ্রসৰ বগীনদীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।সৰুতেই পিতৃহীন হোৱা যুৱকজনৰ মাতৃ বীণা দলেই অশেষ কষ্টেৰে ডিম্বেশ্বৰৰ লগতে অন্য দুটি সন্তানকো ডাঙৰ দীঘল কৰিছে ।চৰকাৰী কোনোধৰণৰ সুবিধা অবিহনেই নিজৰ খৰচেৰে নেপাললৈ খেলিবলৈ যোৱা ডিম্বেশ্বৰে ভূটান,বাংলাদেশৰ খেলুৱৈক পৰাজিত কৰিছিল যদিও ফাইনেলত নেপালৰ খেলুৱৈৰ বিৰুদ্ধে ৫-৪ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক জয় কৰে ।ডিম্বেশ্বৰৰ এই সাফল্যৰ শ্ৰেয় দেৰগাঁৱ খঙিয়াত দুমাহে তেওঁক প্ৰশিক্ষণ দিয়া সঞ্জীৱ বৰা ।ছিকিউৰিটি গাৰ্ডৰ পৰা দিনহাজিৰালৈকে কৰি যুৱকজনে সৰুৰেপৰা কাৰাটে,টাইকোৱানডো,কিক বক্সিং,লং জাম্প এই চাৰিটা খেলত অংশগ্রহণ কৰি ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় স্তৰত এশৰো অধিক পদক জয় কৰিবলৈ সক্ষম হৈছে ।

(উৎসঃপ্ৰতিদিন কাকত)

📝ৰিংকু ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)