বাস্তৱতা

Rinku Rajowar
0
ধোঁৱাৰ আবেষ্টনীয়ে আৱৰি ৰখা
নৃত্যৰত মোৰ মৃত্যুঞ্জয় সপোন.....
খহি পৰা আঁচল সংগোপনে ঢাকো
হৃদয়খন পূৰঠ নোহোৱাকৈয়ে 
হালধীয়া চৰাইবোৰ জাকপাতি উৰে !!
বনফুলৰ সুবাসত শিহঁৰিত হওঁ
সন্ধ্যাচলত ৰামধেনু আঁকো ।
নাচাওঁ..... নাচাওঁ মই
তোমাৰ দুচকু !!
নিদিওঁ .....
কুমলীয়া কেঁচা কলিজা ।
ভাগ্যত নাই অ মোৰ....বাস্তৱ 
সাজিব নোৱাৰো দালান ।
বাজে বাজক....
বুকুত কৰুণ বাঁহীৰ সুৰ
সেয়ে হব মোৰ ....
জীৱন মধুৰ ।

📝হেমন কুমাৰ চাচনী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)