উৰণীয়া তৰা

Rinku Rajowar
0
      উৰণীয়া তৰাবোৰ
   ইমান বৈচিত্ৰৰে ভৰা
   সিহঁতৰ জীৱন  |

  শৰীৰৰ পিছৰ
  অম্লান পোহৰেৰে 
  পোহৰাব পাৰে
  পথহাৰা পথিকৰ পথ  |

  সন্মুখৰ আন্ধাৰ বিদাৰি
  ধাননি ডৰাৰ ওপৰেৰে
  ফুলা সৰিয়হ ডৰাৰ পাৰে পাৰে
  কেকুৰীবোৰৰ কাষে কাষে
  মোক লৈ যায়
  এখন সপোনৰ দেশলৈ  |
  অংকুৰিত সপোনৰ 
  কুঁহিপাতে আকাশ ধিয়াই
   আজুৰি আনিব
   বিভেদহীন এখন
   আশাৰ পানচৈ   |
   নীলিম  সলিল ৰাশিৰ
   বুকুৰ উজাই গৈ
   সাবটি ধৰিব সবাকে
   যি ৰৈ থাকে
   আকাশ উন্মুখ সেই
   বাঁহৰ গাজ হৈ আনৰ বাবে   |

    📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)