জোক

©Admin
0
বুভুক্ষা চকুত সানি
মুখত স্নেহৰ বাণী...
তেজ পিয়াৰ লালসাত বন্দী
                  এজাক জোক।

গোন্ধত উজায় লোভৰ লেলাউটি
সিহঁতৰ ক্ষীপ্ৰ গতি
   সম্বন্ধৰ ছায়াসনা পথেৰে।

 মৰীচিকা...
         বিশ্বাসৰ চৌদিশে..
আৰু চগা জুইত জ্বলাৰ দৰে
বিশ্বাসৰ মৰীচিকাৰ পিছত
হাবাথুৰী খাই জীৱনে।

জীৱনক আগুৰি
স্নেহৰ আলিংগন,
প্ৰেমৰ চুম্বন !

এজাক জোক ।

চেনেহৰ চুমাৰে
শুহি আনিব
বুভুক্ষাপীড়িত উদৰলৈ
লোভৰ অনন্য উপাদেয়
জীৱনৰ তেজ।

জীৱনক আগুৰি ,
জীৱনৰ তেজ শুহি..
              এজাক জোক।।

📝সংগীতা দোলাকাষৰীয়া  
                   যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)