শীতৰ হাড় কঁপোৱা ঠাণ্ডা

©Admin
1
শীতৰ হাড় কঁপোৱা ঠাণ্ডা। 
কিন্তু তেওঁৰ সেই ঠাণ্ডালৈ ভ্ৰূক্ষেপ নাই।
নিশা নামি আহিছে  লাহে লাহে কুঁৱলীৰ ধুৱাময় পৰিৱেশৰ মাজত তেওঁ বিলীন হৈ পৰিছে। তেওঁৰ পাচিত থকা কেঁচা চানাখিনি সোনকালে বিক্ৰী কৰিব লাগে। এখন সৰু দোকানৰে ঘৰখন পোহপাল দিয়া গজেনৰ এই ঠাণ্ডাৰ দিন কেইটালৈ বৰ ভয় লাগে। নিজৰ লগতে ঘৰ খনৰ সকলোলৈ গৰম কাপোৰ কিনিব লাগে লগতে আকৌ ঠাণ্ডা গুচাবলৈ ঘৰৰ ফঁটাকথা কেইখন আৰু জুই কুৰাৰ বাদেটো একোৱে যোগাৰ দিব নোৱাৰে সি। 
                 
ঘৰত পত্নী মালতী আৰু জীয়েক লক্ষীয়ে তেওঁলৈ অপেক্ষা কৰি আছে। ঠেঁটুৱৈ ধৰা ঠাণ্ডাৰ প্ৰভাৱত গজেনৰ কাঁহটোয়ে বেছিকৈ ধৰিছে। গাত গৰম কাপোৰৰ নামত এটি দীঘল হাতৰ চাৰ্ট। 

:মা দেউতা কেতিয়া আহিব ???
মোৰ বৰ ভোক লাগিছে মা....
: আহিব ৰচোন ধৈৰ্য ধৰ অলপ... আজি ছাগে দেউতাৰ বিক্ৰী ভাল নহয় ।। সেইকাৰণেই দেৰি হৈছে 
:মা...ইমান ঠাণ্ডা পৰিছে ।।। দেউতাক কবিচোন সেই যে আমাৰ লগৰ মিলি হঁতৰ ঘৰৰ আগফালে ৰদত মেলি থোৱা কোমল কোমল কম্বলবোৰৰ নিচিনা আনিবলৈ।। 
বহুত গৰম লাগে অ' মই এদিন চুই চাইছিলোঁ নহয়.. . কি উম লগা অ'...কবিনে মা??? কচোন কবিনে নাই দেউতাক...
:হেই. .. মনে মনে থাক তই।। ইমান সময়লৈ দেউতাৰ আহিপোৱা নাই মোৰ চিন্তা হৈছে।। তই এইবোৰ কৈ মোক মূৰটো গৰম নকৰিবি কিন্তু।
আৰু শুন.... সেইবোৰ আমি কিনিব নোৱাৰোঁ দেউতাৰৰ ছানা বেচা পইচা কেইটাৰে ইমানবোৰ ভাবিবই নোৱাৰোঁ অ' ....  মোৰ ফটা শাৰী, চাদৰ, এইবোৰেদি মই চিলাই দিয়া ফঁটাকথা কেইখন মইনো কিয় চিলাই দিলোঁ হয়??? যদি হে এইবোৰ কিনিবই পাৰোঁ।।
: হব দে মা.... মই আৰু তোক কেতিয়াও নকওঁ এইবোৰ।  আমি যে দুখীয়া মোক লগৰ বোৰেও হাঁহে মই বোলে বেলেগৰ পেলাই দিয়া কাপোৰ বোৰ পিন্ধো... চেন্ডেল বোৰ ছিঙিলে যে ৰচি লগাই বান্ধো আৰু পিন্ধি যাওঁ মোক চবেই হাঁহে.... অ' মা দেউতাক কবিচোন বহুত পইচা পোৱা কিবা কাম এটা কৰিবলৈ।
: উফফ..... এই ছোৱালী জনী মানে...   কি কি যে কথাবোৰ কৈ থাক' নহয়... তোক ভগৱানে মিনিষ্টাৰৰ ঘৰত হে জন্ম দিব লাগিছিল । তই দেখোঁন সকলো দেখিয়ে আহিছ' দেউতাৰৰ কষ্ট বোৰ তই বুজিব লাগিব লক্ষী।। ভালকৈ পঢ় তই চাকৰি কৰিব লাগিব সমাজত আমাৰ নাম জিলিকাব লাগিব। তই চাকৰি কৰিলে আমি ধনী হ'ম ...আমাক দুখীয়া বুলি যিয়ে হাঁহিছে সিহঁতক তই দেখাব লাগিব। আজি বেলেগৰ কাপোৰ পিন্ধিছ' কিন্তু পাছত তই তোৰ দৰে কাৰোবাক পালে এযোৰ কাপোৰ কিনি দিব পাৰিব লাগিব।।

:মোৰ ভোক লাগিছে অ' মা.....এইবোৰ মই বুজি নাপাওঁ কিবা এটা খাব দেচোন।। দিনৰ ঠাণ্ডা ভাত আছে যদি দে খাওঁ মই।
: ৰচোন মই চাওঁ কি আছে দিনৰ। 
:(চৰু উদঙাই চাই) লক্ষী অ'.... সোণ চৰুত একো নাই অ'.... এইয়া ছা খালি চৰু.. চাউল ও নাই। দেউতাৰ আহিপালেই তোক মই ভাত বনাই দিম অলপ ধৈৰ্য ধৰ।।
: হব দে মা পানী অকন দে খাওঁ মোৰ পেট টু বিখাইছে....
:মোক শাও শপনি নিদিবি আই.   তোক বহুত কষ্ট দিছোঁ...হুকহুকাই জীয়েকক সাৱটি ধৰি মালতী কান্দি উঠিল।। 
                       হঠাৎ চোতালত গাড়ীৰ শব্দ শুনি তাই  অলপ সময়ৰ বাবে মৌন হৈ কোন হব পাৰে উমান ল'বলৈ চেষ্টা কৰিলে....  ভোকৰ তাড়নাত তাইৰ কোচতে টোপনিত ঢলি পৰা লক্ষীক বিছনাত শুৱাই থৈ তাই বাহিৰলৈ দৌৰি গৈ দেখিলে...বগা গাড়ী খনৰ পৰা দুজন মানুহে মেডিকেলৰ লোহাৰ বিছনা খনত বহা কাপোৰে ঢাকি কাৰোবাক চোতালত নমাই দিছে। তাই একো বুজি পোৱা নাছিল দৌৰি গৈ বগা কাপোৰ খন আঁতৰাই তাই ঢলি পৰিছিল মাটিত। কাৰণ সেইয়া আন কোনো নহয় মালতিৰ গিৰিয়েক। তাইৰ মূৰৰ ওপৰত সৰগ খন খহি প'ৰিল।  নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল মালতীৰ কঁপালৰ ৰঙা সেন্দুৰৰ ৰেখাডাল। কণমানি লক্ষী জনী হৈ পৰিল তেনেই সৰুতেই পিতৃহাৰা।। অপ্ৰিয় যদিও সত্য যে মালতীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল সেইদিনা সেই ঠেঁটুৱৈ ধৰা ঠাণ্ডা দিনটোৱে।
আজি মালতী দিশহাৰা .... কণমানি লক্ষী জনীৰ সপোনবোৰ নিমিষতে মৰহি গ'ল। মালতী আৰু লক্ষী চিৰ জীৱনৰ বাবে অকলশৰীয়া হ'ল।


📝কাকলি কটকী

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment