বগেজাৰী এক অনুপম লোককৃষ্টি-০১

Rinku Rajowar
0
দক্ষিণ কামৰূপ অঞ্চলটি বিভিন্ন লোককৃষ্টিৰ ভড়াল বুলি কলেও বঢ়াই কোৱা নহ'ব
কি কি নাই ইয়াত  | তাৰ পৰাই বুটলি আনিছো তেনে এটি লোককৃষ্টিৰ সমল বগেজাৰী  | বগেজাৰী দক্ষিণ কামৰূপৰ পাতিৰাভা সকলৰ যেন হিয়াৰ আমঠু  | ভূবিন ৰাভা , নামেই যাৰ পৰিচয় | তেখেত দক্ষিণ কামৰূপ অঞ্চলৰ এগৰাকী লোক সংস্কৃতিৰ গৱেষক  | তেখেতৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত দক্ষিণ কামৰূপৰ পাতিৰাভা সকলৰ এটা সপোন দিঠকত পৰিনক হৈছিল  | তেখেতে দিনক ৰাতি কৰি অতি মৰ্মান্তিক , বেদনাদায়ক ,প্ৰকৃতিপ্ৰেমী ,সমাজপ্ৰেমী ,ৰাজকন্যা , আজন্মশিল্পী বগেজাৰী বাইৰ জীৱনী উদ্ধাৰ কৰি ৰাভা সমাজলৈ যি অতুলনীয় অৱদান আগবঢ়ালে , যি ইতিহাস সৃষ্টি কৰিলে সেয়া যেন দক্ষিণ কামৰূপৰ পাতিৰাভা সকলৰ গৌৰৱৰ সোণৰ জখলা  | এটা প্ৰচলিত কথা আছে নদী মৰিলেও ৰেখা নমৰে  | বৰ্তমানে ৰাভা সকলৰ মাজত বগেজাৰী নাথাকিলেও তেওঁ গাই যোৱা গীত নৃত্য পাতিৰাভা সকলৰ হৃদয়ে হৃদয়ে বাজি থাকিব চিৰদিন চিৰকাল  |
    শ্ৰদ্ধাৰ গৱেষক ভূবিন ৰাভাদেৱে লিখিছিল তাহানিতে বগেজাৰীয়ে গোৱা গীত আৰু নৃত্যবোৰেই হৈছে বৰ্তমানৰ বগেজাৰী গীত আৰু নৃত্য  | তাহানীতে গোৱা এই নৃত্যবোৰৰ কোনো লিখিত ৰূপ নাছিল  | কাহিনী আৰু গীত সমূহ মানুহৰ মুখে মুখে চলি আহিছে  | দিন অতিবাহিত হোৱাৰ লগে লগে সময়ৰ টিকনিত জীৱন কালত পোৱা নোপোৱা , পাই হেৰুওৱা , কৰ্মজীৱনৰ দুখ বেদনাৰ আত্ম প্ৰকাশ কৰিবলৈ স্বভাৱ শিল্পীসকলে বগেজাৰী গীত ৰচনা কৰি , গাই মানুহৰ মাজত বিলাই দি আহিছে  | আমাৰ সমাজত এনে স্বভাৱশিল্পী সকল নথকা হেতেন বা তেওঁলোকে এনেবোৰ কথা সৃষ্টি কৰি নোযোৱা হেতেন বগেজাৰী গীতবোৰ চিৰদিনৰ বাবে হেৰাই গ'লহেতেন  | কোৱা হয় বগেজাৰী গীত আৰু নৃত্য পাতিৰাভা সকলৰ ইমানেই প্ৰিয় আৰু হৃদয় স্পৰ্শ কৰা যে বাদ্যযন্ত্ৰ বজাই , গীত গাই গাই নৃত্য কৰিলে সকলোৰে গা ৰাইজাই কৰে  | কোনেও গা ৰাখিবকে নোৱাৰে  | অতীততে ,গাঁৱৰ সম্ভ্ৰান্ত পৰিয়ালত বগেজাৰী নৃত্যৰ বাগ্যযন্ত্ৰবোৰ যোগাৰ আছিলেই  | বিবাহ অনুষ্ঠান কিম্বা মৃতকৰ কাম বা আন আন সামাজিক কাৰ্য সম্পাদিত হোৱা কামভাগত জোঙ উলিয়াই , ৰহিমদ , কেঁচামদ খাই খাই দুই তিনিদিন ধৰি পুৰষ মহিলাই বগেজাৰী নৃত্য কৰিছিল বুলি জনা যায়  | তেওঁলোকে গীতত গোৱা দেখা যায় -----
       দায় দায় দায়
       দায় বাজাং গায়
       সো অই বাপেকে
        চালাগো লো
        খেমেন নাচাং গাই  |
    এই গীতটিৰ পৰা জনা যায় যে কোলাৰ কেঁচুৱা কাৰোবাৰ কোলাত দি হলেও বগেজাৰী নৃত্যত ভাগ লৈছিল  |  আগলৈ

📝হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)