পুতি থোৱা শোকবােৰ

Rinku Rajowar
0
গল্প গল্প লগা
অতীতৰ বিষাদ ভৰা শােকবােৰ
হৃদয়তে পুতি থৈছিলাে   ।

       শোকে আৱৰা
       দেহাতোক
       নিজেই শান্তনা দিও ।
       দুখক  ঢাকি
       'সুখ' বুলি
       জীৱলৈ শিক।

পুতি থোৱা শােকবােৰ
নীৰলে  নীৰলে পঢ়ি,
আকৌ পুতি থও ।
       
           তোমাৰ অৱমাননাত
           জন্ম হৈছিল
           এগাল শােক,
           তুমিতাে বুজিয়েই
           নাপালা ।
সেয়েহে---
কলিজাৰ শােক পুতি,
"কৃত্রিম  হাঁহিৰে
জীৱনক জীয়াই ৰাখিছাে
"এই সংসাৰত" ।

কেতিয়াবা ভাৱো
এয়েই যেন মােৰ,
দুখৰ -  মাজতে - সুখ  ।
😌😌😌😌😌😌😌

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)