ঘৰৰ চােতাল খন

Rinku Rajowar
0
ঘৰৰ চােতালখন
এনেদৰেই থাকক,
এই চােতাল খনেই
সকলােৰে সাক্ষী ।

চােতাল খন
আমাৰ বৰ মৰমৰ ।
চােতালখনতেই
আছে - বিয়াৰ আনন্দ আৰু
কান্দােন।

ইয়াতেই আই - বােপায়ে
অশ্ৰুসিক্ত নয়নেৰে 
কৰিছিল কন্যাদান ।

তােমালােকক শুভ্ৰবগা
কাপােৰেৰে 
ঢাকি থােৱা ঠাই
এইখনেই ।

তােমালােকৰ আত্মাক
শ্ৰদ্ধান্জলী দিছিলাে
ইয়াতেই ।
এই চােতালেই
সাক্ষী সকলােৰে ॥

আমাৰ চােতালখন
এনেদৰেই থাকক।
এইখনেই
সাক্ষী
মৰম - চেনেহ, দুখ - সুখৰ,
হাঁহি কান্দােনৰ ।

এই
সাতাম পুৰুষীয়া চােতালখন
বনাই থৈ গ'ল 'যি' ,
তেওঁৰ আত্মা 
এতিয়াও বিৰাজমান...।

আমাৰ চােতাল খন
এনেদৰেই থাকক ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)