বেবেৰিবাং - লকদাওন এফেক্ট

Rinku Rajowar
0

গাঁওখন ভিতৰুৱা । সৰু গাঁওখনত একমাত্ৰ নগেনৰ ঘৰতহে টিভি এটা আছে । গতিকে টিভি চাবলৈ অহা মানুহ প্ৰায় থাকেই বুলিব পাৰি । লকডাউনত পুৱা 9 বজাত ৰামায়ণ দিয়াৰ খবৰ পাই এইকেইদিন নগেনৰ ঘৰত গোটেই গাঁৱৰ মানুহ চগা অহাদি আহিছে । নগেনৰ বাহিৰে কাৰো ঘৰত  মানুহ এটাও নাথাকে । দুৱাৰত দাং নতুবা তলা । 
সুযোগ বুজি হৰেন চোৰে গাঁৱৰে মূৰৰ ফুকনৰ ঘৰত সোমাই পৰৰ সম্পত্তিকে নিজৰ বুলি ধৰি যি পাৰে ডাঙৰ থৈলা এটাত ভৰাই মূৰত তুলি ৰামায়ণ শেষ হোৱাৰ আগে আগে নিজৰ ঘৰ পাই মনে মনে সোমাই থাকিল । 
আবেলি 3 মান বজাত দুৱাৰত টক টক শব্দ শুনি হৰেন চোৰে জীয়টো হাতৰ মুঠিত লৈ লাহে লাহে দুৱাৰ খুলি সমুখত দেৱতাৰ পোছাক পিন্ধা এজন দেৱদূত দেখা পাই দেৱদূতৰ ভৰিত দীঘল দি পৰি কান্দিবলৈ ধৰিলে- প্ৰভু মোক ক্ষমা কৰক । ঘৰত চলিবলৈ একো নোহোৱাৰ বাবেহে আজি চুৰ কৰিব লগা হ'ল । প্ৰভু মোক বচাওক ।
দেৱদূত- বৎস ! ভয় নকৰিবা । যদিও তুমি আজি মহাপাপ কৰিলা মই এটা উপায় দিছো ।  তুমি উদ্ধাৰ হ'বা আৰু জনৰোষৰ পৰাও বাছি থাকিব পৰিবা ।
হৰেন- কওক প্ৰভু ! আপুনি যি ক'ব মই তাকেই কৰিম ।
দেৱদূত- আজি মাজনিশা তুমি চুৰ কৰি অনা থৈলাটো সামগ্ৰীখিনিৰে সৈতে  সৌ বামুনৰ বাৰীৰ পিছফালে থকা বৰপুখুৰীৰ পাৰত থকা ডাঙৰ আঁহত গছজোপাৰ ঠিক তলত থৈ আহিবা । কাম সিমানেই । মই এতিয়া যাওঁ । মই যোৱাৰ ফালে ভুলতো নাচাবা । যোৱা- ভিতৰত সোমাই থাকাগৈ ।  এইবুলি কৈ দেৱদূত গ'লগৈ । 
ভিতৰ সোমাই হৰেনৰ হঠাত পুৰণি কথা এটালৈ মনত পৰিল - সি কেতিয়াবা শুনা মনত আছে-দেৱদূত, ভুতপ্ৰেত আদিৰ হেনো ছাঁ নেথাকে । কিন্তু এই দেৱদূতৰতো মই ছাঁ দেখিছিলো । 
হৰেনে হাতত এচাৰি এপাত লৈ  দেৱদূতৰ পিছে পিছে গৈ দেৱদূতৰ টিকাত সাউতকৈ একোব দি ক'লে - তই কোন ক ! দেৱদূতৰ ভাও দি আহিছ চাল্লা কুকুৰ ! 
দেৱদূতে উত্তৰ দিলে-হেৰৌ মই মালিৰামহে , দেৱদূত নহয় । তই আজি চুৰ কৰা কামটো মই দেখি আছিলো । মইয়ো একেটা কামতে ওলাই গৈছিলো । তই চুৰ কৰা বুলি দেখি মইনো কিয় কষ্ট কৰো বুলি ভাবি দেৱদূত হৈ তোৰ ঘৰলৈ আহিছিলো । এতিয়া যি হ'ল হ'ল দে । তই চুৰ কৰি অনা বস্তুখিনি দুয়োটাৰ মাজত ভাগ কৰোগৈ ব'ল । ন'হলে মই ফুকনৰ ঘৰত তই চুৰ কৰা বুলি কৈ দিম বাপ্পেকে ।
  উপায় নাপাই হৰেনে মালিৰামৰ লগত কম্প্ৰমাইজ কৰিলে ।
             
         📝 সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)