আই .......
এইবাৰ বিহুত আৰু
ঘৰলৈ যাব নোৱাৰিম
তোৰ আখলৰ সোঁৱাদ লবলৈ |
মই নগলেও
পিতাইক কবি
দুখ নকৰিবলৈ ,.
দুখ মোৰো লাগিছে অ আই
বুকুত বেদনাই পাহাৰ সাঁজিছে ,
দেখিছো এইবাৰ
ৰংমনৰ ঢোলৰ মাত
আইতাৰ ঢেঁকীৰ মাত
শিপিনীৰ তাঁতশালৰ শব্দও
বিষাদ বন্যাত ............. ..,
যোৱা নিশা
টোপনিয়েই নাহিল অ আই
অচিন ৰোগত ৰোগগ্ৰস্ত সেই
ডালভৰা কপৌ পাহিৰ বিননিত |
ৰচকী নাচনীৰ খোপা
এইবাৰ আৰু উকা হৈ ৰ'ব বুজিছ ?
ড° ভূপেন দাৰ ভাষাৰে
প্ৰকৃতিৰ কন্ঠ টো চোন
হতবাক চিঞৰ ....
এয়া বিহু নহয় বৰ বিহ্
তথাপি দুখ নকৰিবি আই
মই নগলেও
আখলত জুই জ্বলাবি
বাপতিসাহোন বিহুটিক
ওলগ জনাবি .. ....
বুকুতে গুপুতে দেই
📝পিংকী দেৱী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ