ৰুণজুন (খণ্ড-০৭)

Rinku Rajowar
0
ৰুণজুনে পিছদিনা পুৱাই চাদৰ ওপৰলৈ গৈ কিছু সময় বহিলে আৰু ভাবিলে -যােৱাকালি হৈ যোৱা 
ঘটনাবােৰ সকলােবােৰ মুনলিমাক ক'ব। হােষ্টেলৰ পৰা ব্যক্তিগত কথা ফােনত  পাতিব নােৱাৰি,  সেয়েহে  টেলিফােন বুথলৈ গৈ কথা পাতিব । সেই কাৰণে হােষ্টেলত ব্ৰেকফাষ্ট কৰি ১০ মান বজাত ওলাই আহিল । মুনলিমালৈ ফােন লগালে , হেল্ল মুনলিমা ।
মুনলিমা ভালনে তােৰ ?
মুনলিমা : ভাল । 
ৰুণ : মই একাে সিদ্ধান্ত ল'ব পৰা নাই , জাননে। (নিজৰ সকলাে কথা মুনলিমাক ক'লে)
মুন : কি সিদ্ধান্তৰ কথা কৈছ'?
ৰুণ: চাচােন মই ঘৰলৈ গ'লেই দেউতাই মােক  অশােকৰ লগত বিয়া হবলৈ 
বাধ্য কৰাব ।তেতিয়া কি হব কচােন? ইফালে মই ৰিহণৰ বাদে বেলেগৰ লগত বিয়া হ'ব নােৱাৰো । মই তেওঁক বহুত বেছি ভাল পাই পেলালাে আৰু সিওঁ মােক ...। কিবা এটা উপায় দেছােন  বা কি কৰিলে ভাল হ'ব ?
মুনলিমা : এটা কাম কৰ - তই ৰিহণৰ লগত এই কথাখিনি পাত। তহঁতি গুৱাহাটী আহি পোৱাৰ পিছদিনাই কৰ্ট মেৰিজ কৰি পেলা ; নহলে তই ঘৰৰ বেষ্টনীৰ পৰা ওলাই আহিব নােৱাৰিবি । তহঁতি কেতিয়া আহি পাবি মােক খাতাঙকৈ কবি, মই উকীল ঠিক কৰি থম ।
ৰুণ : অঁ কথাতাে ঠিকেই , কিন্তু বহুত ৰিস্ক আছে । ইমান সহজ নহয় । বহুত অসুবিধা আহি পৰিব । ৰিহণেও ঘৰৰ পৰা অনুমতি ল'ব লাগিব বা কথাষাৰ জনাব লাগিল । ঠিক আছে মই কথা পাতি উঠি তােক জনাম ।
মুনলিমা : সােনকালে জনাবি । 
 ৰুণ বাহিৰে বাহিৰে গৈ ৰিহণৰ ওচৰ পালেগৈ আৰু ক'লে,"বহুত কথা পাতিবলৈ আছে  তুমি ওলাই আহা এতিয়া "।
ৰিহণ দুই মিনিটৰ পাছতেই ওলাই আহিল  আৰু সুধিলে ক'ত যাবা (?),
অলপ দূৰৰ ৰেষ্টুৰেণ্টততে বহিম দিয়া ।
দুয়াে  ৰেষ্টুৰেণ্ট  গৈ পালেগৈ। তাতে বহি  ৰুণে কথা  আৰম্ভ কৰিলে , ৰিহণ  মই ঘৰলৈ গ'লে দেউতাই  মােক যি কােনাে প্ৰকাৰে বাধ্য কৰাব, মই কি কৰিম কোৱা ?  তুমি কৈছিলা নহয় কিবা এটা কৰিম বুলি ।
 মােৰ বৰ ভয় লাগিছে ।
ৰিহণ: মই তোমাক হেৰুৱাব  নিবিচাৰো । এটা কাম কৰো  ইয়াতে আমি মন্দিৰতে দুজনমান বন্ধু লগত লৈ বিয়াখন পাতি থও,তাৰ বাহিৰে অন্য উপায় দেখা নাই । তুমি কি কোৱা ?
ৰুণ : ঠিক আছে আমি পল্লৱীহঁতক মাতি মন্দিৰৰ কামতাে কৰি পেলাম। মই কিন্তু আৰু এটা কথা ভাবিছাে ।
ৰিহণ : কি কথা ?
ৰুণ :  গুৱাহাটী গৈ পোৱাৰ পিছদিনাখনেই কৰ্ট মেৰিজ কৰি পেলাম। তেতিয়া দেউতাই আৰু মােক অশােকৰ লগত বিয়া হ'ব লাগিব বুলি জােৰ কৰিব নােৱাৰিব ।
ৰিহণ: কাইলৈ মন্দিৰত গৈ পূজাৰীৰ লগত কথা পাতি আহােচােন  আৰু সেইতাে আগতে কৰি লওঁ।
 তাইক ভয় আৰু চিন্তাত থকা দেখি ৰিহণে সকাহ দিলে - তুমি বেছি চিন্তা নকৰিবা মই সকলো চম্ভালি ল'ম । ধৈৰ্য্য ধৰা বুলি কৈ তাইৰ হাত দুখন নিজৰ হাতত সুমুৱাই ল'লে।
ৰুণে দুখ কৰি থকাতো সিও
সহিব নােৱাৰে । চকুপানী দুটােপালাে ৰুমালেৰে মুচি দিলে । তাইৰ অলপমান মনতো পাতল পাতল লাগিল ।
 ৰিহণে পিছদিনা বন্ধু এজনৰসৈতে শিৱ মন্দিৰৰ পূজাৰীৰ লগত কথা পাতিলে । পূজাৰীয়ে মাত্ৰ চাৰি হাজাৰ টকাতে বিয়াখন পাতিদিম বুলি গাত ল'লে । সেইমতেই ৫ জনমান লগৰ ল'ৰা-ছােৱালী লৈ মন্দিৰতে বিয়াখন পাতিলে । ৰুণ ক্ৰমে ক্ৰমে গম্ভীৰ হৈ গ'ল !
ইমান ডাঙৰ সিদ্ধান্ত এটা হঠাতে লবলগীয়া হোৱাৰ বাবে । ইফালে ৰিহণেও সেইদিনা ৰুণক এৰি দিবলৈ মন কৰা নাছিল । লগৰ খিনিও হঠাত্  গহীন হৈ গ'ল  । চকুৰ পচাৰতে কােনাে পৰিকল্পনা নোহোৱাকৈয়ে বিয়া এখন হৈ গল । লগৰবােৰে সিহঁতৰ পৰা সকলো কথা গম পালে  আৰু তেওঁলােকেও বুজি পালে  যে, কি পৰিস্থিতিত পৰি এই সিদ্ধান্ত ল'ব লগা হ'ল ।
 ৰিহণ আবেগিক হৈ গ'ল আৰু এনে কৰিলে  যে ৰুণৰ সমস্ত দায়িত্ব সি ল'ব । লগৰ বিলাকে সুখী হওক বুলি  আশীৰ্ব্বাদ দিলে ।
   সেইনিশা ৰিহণে ৰুণক হােষ্টেললৈ নপথিয়ালে । 
সি যেন এই মুহূৰ্ত্তত ক'তাে
তাইক পথিয়াব নােৱাৰে ।
ৰুণ, তুমি অকণাে চিন্তা নকৰাকৈ থাকা আজি মই 
তােমাক  আতৰত পথিয়াব নােখােজাে। দুয়াে দুয়ােফালে দুখন বিচনাত শুই পৰিল । ৰিহণে তাইৰ দুগালত আৰু কপালত চুমা  খাই শুই থাকিল । ৰিহণৰ আচৰণত ৰুণ আচস্ত হ'ল ।
নভবা নিচিন্তাকৈ বহুত ডাঙৰ দায়িত্ব  লৈ পেলালে । ৰিহণৰ চিন্তা আছিল যদিও , সেই সময়ত সেইবােৰ কথা বেছি ভাবি থকা নাছিল । সি সকলাে সহজভাৱে লবলৈ যত্ন কৰিলে । লগৰ বিলাকক ক'লে বৰ্তমান এই কথা যেন অলপ গােপনে ৰাখে ।
ৰিহণ  গুৱাহাতীলৈ যাব, কিন্তু
নগাঁৱলৈ দুদিনমান পাছতহে যাব ।  ৰুণ আৰু ৰিহণ দুয়াে গুৱাহাতী আহি পালেহি। ৰুণ, ঘৰ আহি পালেহি । মাকে পৰীক্ষা কেনেকুৱা হ'ল, কি খাবি  আদি সুধি ব্যস্ত হৈ গ'ল ।
তাই মাকৰ সকলাে কথাই গুৰূত্ব দিলে আৰু যথাযথ 
দৰকাৰী উত্তৰবােৰো দি গ'ল । গৈ পোৱাৰ পিছদিনা মুনলিমাই ঠিক কৰি থােৱা উকীলৰ ওচৰত গৈ ৰিহণ আৰু ৰুণে কৰ্ট মেৰিজ কৰিলে কােনেও নজনাকৈ, মাত্ৰ মুনলিমাহে সাক্ষী  হৈ ৰ'ল সেই মুহূৰ্ত্তত । অন্তৰংগ বান্ধৱী মুনলিমাৰ বাদে কােনেও নাজানিলে এই কথা । ৰিহণ আজি গুৱাহাটীতে থাকি যাব  আৰু কাইলৈ নগাওঁ যাবৰ বাবে দেউতাকক গাড়ীখন পথিয়াই দিবলৈ ক'লে।
পিছদিনা ৰিহণহতৰ ঘৰৰ পৰা গাড়ী আহিল । পূৰ্ব্বৰে পৰা কৰা পৰিকল্পনামতে ৰুণ ওলাই আহিল মুনলিমাহঁতৰ ঘৰলৈ আৰু মুনলিমাই পাটৰ কাপােৰ এজােৰ তাইৰ কাৰণে চিলাই থৈ দিছিল  আৰু পিন্ধাই দিলে । মুনে, আনে দেখে বুলি ততাতয়াকৈ গাড়ীত উঠাই দিলে ৰুণক । ৰিহণ আৰু ৰুণে পিছৰ চিটত বহি ল'লে   আৰু ৰিহণহতৰ নগাৱৰ ঘৰ পালেগৈ। ৰিহণে গাড়ীৰ পৰা নামি উঠি ৰুণক হাতত ধৰি ঘৰৰ বাৰান্দা পালেগৈ  । ৰিহণে মাকক ক'লে, " মা মই ৰুণজুনক একেবাৰে লৈ আনিছাে আৰু আমি মন্দিৰত বিয়া পাতিলাে "।  
মাক আৰু ভনীয়েকে সৰগ পৰা মানুহৰ নিচিনাকৈ চাই ৰল ৷
আগলৈ

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)