বার্নাডশ’ৰ দৃষ্টিত বিশ্বৰ মানৱতাবাদী নাট্যকাৰ হজৰত মোহাম্মদ

Rinku Rajowar
0
ৰাষ্ট্রবিজ্ঞানী সকলৰ ভাষাত মধ্যযুগ, যাৰ বিস্তৃতি ষষ্ঠ শতাব্দীৰ পৰা আৰম্ভ কৰি পঞ্চদশ শতাব্দী পর্যন্ত, তাৰ সূচনাকালীন যেতিয়া ৰাষ্ট্রদর্শন চলিছিল একান্তভাৱে ধর্ম আৰু ৰাজনীতি বিৱর্জিত, সমগ্ৰ সভ্য জগৎ যেতিয়া ৰোম, ইৰান তথা প্রাচ্যৰ সম্রাটসকলৰ হাতত নিষ্পেষিত নির্যাতিত হৈ বাৰংবাৰ চিৎকাৰ কৰি, ‘ক'ত আমাৰ মুক্তি দাতা’ বুলি কয় আকাশ বতাহ বিৰজিত কৰি তুলিছিল তেতিয়া মহান আল্লাহৰ ফালৰ পৰা নির্যাতিত, নিগৃহিত,  লাঞ্ছিত বিশ্ব মানৱতাক মুক্তি দিবলৈ আগবাঢ়ি আহিল বিশ্বনবী (চঃ)।
গ্রীছ, ৰোম, পাৰস্য, চীন আনকি ভাৰতবৰ্ষৰ প্রাচীন সভ্যতাত ঘূণে ধৰা সমাজৰ বিপুল জনসাধাৰণ যে চৰম দুঃখ দুর্দশাৰ সম্মুখীন হৈছিল, তাৰ পৰা উঠাই আনি ৰচুল (চঃ)-ক সমগ্ৰ বিশ্বক এক আলোকোজ্জ্বল ৰাষ্ট্রৰ ব্যৱস্থা কৰি দিছিল।  


    ৰচুল (চঃ)-য়ে লক্ষ্য কৰিছিল বিশ্ব অশান্তিৰ মূলত বিৰাজ কৰিছে বংশীয় মর্যাদা তথা শ্রেষ্ঠত্বৰ দাঙ্গাই। সেয়েহে তেখেতে নির্যাতিত মানৱতাক  এই দ্বন্দৰ পৰা মুক্তি দিবলৈ ঘোষণা প্রদান কৰিলে, “হে লোক সকল ! সমস্ত মানৱ মণ্ডলী 
কেৱল দুটা ভাগত বিভক্ত। এক ভাগ হ'ল সৎকর্মশীল তথা আল্লাহভীৰু, অল্লাহনুগত্য। আল্লাহৰ দৃষ্টিত সি খুবেই সম্মানার্হ। আনহাতে দ্বিতীয় প্রকাৰৰ লোক হ'ল পাপ প্রৱণ, দুস্কৃতিকাৰী, হতভাগ্য। আল্লাহৰ ওচৰত অসম্মর্নাহ, লাঞ্ছিত। আচল কথাটো হ'ল সমস্ত মানুহ আদমৰ সন্তান।” বিশ্বৰ জালিম শক্তি যিসকলে এনে ধাৰণাক বর্জন কৰি মানুহৰ ওপৰত শাসক হৈ বহি আছিল তেওঁলোকক ইছলামৰ এনে শিক্ষাক গ্রহণ কৰাৰ বাবে তেখেতে ৰাষ্ট্রীয়ভাৱে আহ্বান জনাইছিল।

   হিজৰী সপ্তম বছৰত হোদাইবীয়াৰ সন্ধি সম্পাদনাৰ শেষত বিশ্বব্যাপি ইছলামৰ আহ্বান চৌদিশে বিয়পাবলৈ ৰচুল (চঃ)-য়ে এক আন্তর্জাতিক পদক্ষেপ গ্রহণ কৰিলে। তেখেতে তৎকালীন বিশ্বৰ বৃহৎশক্তি বর্গৰ ছয় জন সম্রাটৰ প্রতি ইছলামৰ আহ্বান জনাই পত্ৰ লেখিলে।
ৰচুল (চঃ)-ৰ এই আহ্বান অনেকেই প্ৰত্যাহ্বান হিচাপে গ্রহণ কৰি লৈছিল। যাৰ বাবে ৰচুল (চঃ)-ক নির্যাতিত বিশ্বৰ মানৱতাক মানুহৰ দাসত্ব শৃঙ্খলৰ পৰা মুক্তি দি স্বাধীনভাৱে আল্লাহৰ দাসত্বলৈ আনাৰ বাবে বিশাল বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হয়।

     বর্তমান বিশ্বত এক ভয়ানক ৰণাঙ্গনৰ মাজত পতিত হৈছে। দুর্বলৰ প্রতি সবলৰ অত্যাচাৰ, নির্যাতন তথা অমানৱিক আচৰণ জগতক প্রকম্পিত কৰি তুলিছে। বিশ্বৰ নেতৃত্ব আজি দণ্ডায়মান হৈছে একাকাৰ, জালিম অধিনায়ক সকলৰ ওপৰত, যি কাৰণত তেওঁলোকৰ পৰা  বিশ্ববাসী মানবৱিক আচৰণ লাভ কৰিবলৈ ব্যর্থ হৈছে। এই ব্যর্থতাক মুছি দি পর্যদুস্ত মানৱতাক বচাবলৈ ৰচুল (চঃ)-ৰ আদর্শৰে ওহীৰ প্রেৰণা নিয়ন্ত্রিত এক দল যোগ্য ৰাষ্ট্র নায়কৰ প্রয়োজন। বিশ্ব ইতিহাঁসৰ অন্যতম শ্রেষ্ঠ বিদাৰ্থী জর্জ বার্নাড শ’  কৈছে, I have studied him, the wonderful man, and in my opinion, far from being an anti- christ he must be called the savior of humanity. I believe that if a man like him were to assume the dictator of the modern world  he would succeed in solving its problems  in a way that would bring it the much needed peace and happiness. “-অর্থাৎ আমি চমৎকাৰ এই মহান ব্যক্তিজনক গভীৰতাৰে উপলব্বি কৰিছো। মোৰ দৃষ্টিত তেখেতে খ্রীষ্ট বিৰোধীতাৰ বহু দূৰৈত অৱস্থান কৰিছে। তেখেতক অৱশ্যই মানৱৰ মুক্তি দাতা হিচাপে ঘোষণা কৰিবই লাগিব। আমি গভীৰভাৱে বিশ্বাস কৰো যদি তেখেতৰ দৰে এজন ব্যক্তিয়ে আধুনিক বিশ্বৰ একনায়কত্ব গ্রহণ কৰে,তেনেহ'লে তেখেত বর্তমান বিশ্বৰ উদ্ভূত সমস্যাৱলীৰ এনে সুন্দৰভাৱে সমাধান দিয়াৰ লগতে বিশ্বক অতি প্রয়োজনীয় শান্তি আৰু সুখ উপহাৰ দিবলৈ সক্ষম হ'ব।

    বার্নাড শ’ তেখেতে এই ঘোষণা দিবলৈ গৈ অধিক অধ্যয়ন কৰি লৈছে। আধুনিক সভ্যতাৰ উৎসভূমি আমেৰিকা ও বৃটেইনক। বিশ্বযুদ্ধৰ পটভূমিত তেখেত আমেৰিকা ও বৃটেইনক চৰমভাৱে ঘৃণা কৰিছে। শ’ কেতিয়াও আমেৰিকালৈ যোৱা নাছিল। তেখেত ১৯৩৫ চনত Simpleton of the unexpected নাটকটি মঞ্চায়নৰ মাজেদি আমেৰিকাৰ তীব্র সমালোচনা কৰিছে। অৱশ্য ১৮৯৭ চনত আমেৰিকাক উদ্দেশ্য কৰি ৰচনা কৰিছে Devil’s Disciple  আমেৰিকাৰ যুদ্ধত যোগ দিয়াত তেখেতক ব্যথিত কৰিছিল। প্রথম বিশ্বযুদ্ধ বার্নাড শ’ক অশ্রুসিক্ত কৰিছে। তেখেত যুদ্ধকালীন সময়ত ৰচনা কৰে তেতিয়াই গ্রেটবৃটেইন আৰু তাৰ মৈত্রী দেশবোৰক জার্মানীৰ সৈতে সমান যোগ্য অপৰাধী বুলি দাবী কৰে।

    তেখেত আছিল যুদ্ধবিৰোধী। যুদ্ধৰ কৰুণ চিত্র তুলি ধৰি ৰচনা কৰে ১৯২৫ চনত A Hearthbreak House কেৱল প্রথম বিশ্ব যুদ্ধই নহয়, তেখেতে উপলব্বি কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাও। ১৯৪৫ চনৰ ৬ আগষ্ট জাপানৰ হিৰোছিমাত বিনা কাৰণত ওদ্ধত্য আমেৰিকা আনৱিক বোমা নিক্ষেপ কৰি লাখ-লাখ মানুহক হত্যা কৰি আৰম্ভ কৰিছিল সাম্প্রতিক কালৰ (Latest period) অভিযাত্রা।

     এই অভিযাত্রা এক মুহূর্তৰ বাবেও থমকি থকা নাই। জার্মানীৰ জাতীয় পূজা, ৰাছিয়াৰ শ্রেণী পূজা,আফ্রিকা আৰু আমেৰিকাৰ বর্ণ পূজা তেওঁলোকৰ সকলোকে জাতীয় ৰাষ্ট্র পূজা, বিগত দুই শতাব্দী জুৰি বিশ্বৰ মানুহক যুদ্ধৰ অগ্নিকুণ্ডত নিক্ষেপ কৰি জ্বলাই ছাৰখাৰ কৰি দিয়া হৈছে। মানৱতা প্রতিষ্ঠাৰ নামত শক্তিৰ আৰাধনা তথা গোত্রীয় আত্মপূজা পশ্চিমীয়া সভ্যতাক মানৱ স্তৰৰ পৰা পশুত্বৰ স্তৰলৈ নমাই আনিছে। তেওঁলোকৰ অত্যাচাৰত জৰ্জৰিত হৈ  নিৰীহ মানৱতাৰ ক্রন্দন ধ্বণী আকাশ বতাহক কপাই তুলিছে। বিশ্বৰ এনে অৱস্থাৰ পৰা মুক্তি দিবলৈ গৈ বার্নাড শ’ আকাংখা কৰিছে মুক্তিদাতা হিচাপে ৰচুলৰ আদর্শৰ অনুসাৰী আদর্শৱান ৰাষ্ট্র নায়ক সকলৰ।

     বার্নাড শ’ কি বিচাৰি পাইছিল নবী চৰিত্রত? বর্তমান জগতৰ বাবে মানৱ দৰদী নেতৃত্বৰ সমস্ত বৈশিষ্ট্য বিচাৰি পাইছে ৰচুল (চঃ)-ৰ মাজত। যি যুদ্ধৰ ভয়াৱহতা বার্নাড শ’ক আহত কৰিছিল, উদ্বুদ্ধ কৰিছিল নাটক ৰচনাৰ ক্ষেত্ৰত, তেখেত তেতিয়া উপলব্বি কৰিব পাৰিছিল নবী (চঃ)-ৰ মাজত এক অসাধাৰণ মানৱ দৰদী হৃদয় আছিল।
জাতীয়তাবাদো নহয়, বর্ণবাদো নহয়, বৈশ্বিক কোনো শ্রেষ্ঠত্ব অর্জনৰ উদ্দেশ্যে নহয় বৰঞ্চ মানৱ শাসনাধীন দুর্গত মানৱতাক মানুহৰ অত্যাচাৰৰ কঠিন শৃঙ্খল ভাঙি আল্লাহৰ অধীনত এনে বিশ্বশান্তি প্রতিষ্ঠা কৰাৰ বাবে তেখেতে ধৰ্মীয় জিহাদত অৱতীর্ণ হৈছিল।
কিন্তু কি আশ্চর্যকৰ বিষয়, অতি কম সময়ৰ ব্যৱধানত তেওঁ মাত্র ২৫০জন সৈন্যৰ তেজৰ বিনিময়ত জয় কৰিলে ৩০ লাখ বর্গকিলোমিটাৰ ব্যাপি এক বিশাল অঞ্চল।

    আনফালে দশ বছৰ গড় হিচাপত ধৰিলে মুছলমান সকলৰ পক্ষে প্রতি মাহত এজন শ্বহীদ হয়। মানৱ ইতিহাঁসৰ পৃষ্ঠা তন্ন তন্ন কৰি বিচাৰিলেওঁ মানুহৰ প্রতি এনে নির্মল সম্মানৰ দ্বিতীয় উদাহৰণ পোৱা নাযাব। ৰচুল (চঃ)-ৰ যুদ্ধবোৰৰ সৈতে আমাৰ বর্তমান বিশ্বৰ যুদ্ধৰ সঙ্গতি কেৱল মাত্র নামাকৰণহে । ৰচুল (চঃ)-ৰ আগমনৰ পূর্বে কোনো সময়তেই ইছলাম ভিন্ন অন্য কোনো ব্যৱস্থাধীন ৰাষ্ট্রত বিজিত সৈন্যসকলৰ সৈতে মানৱিক আচৰণ কৰা হোৱা নাই। ১৮৬৪ চনত জেনেভা কনভেনছন, ১৮৬৮ চনৰ ছেন্টপিটাৰ্ছবার্গ ঘোষণা, ১৯০৭ চনৰ হেগ কনভেনছন, ১৯৪৯ চনৰ ১২ আগষ্ট সাক্ষৰিত জেনেভা কনভেনছন ইত্যাদি যুদ্ধ বন্দীসকলে প্রতি মানৱিক আচৰণ প্রতিষ্ঠা কৰিবলৈ গৈ ব্যর্থ হৈছে। বছনিয়া- হার্জেগোভিনা, চেচনিয়া, কাশ্মীৰসহ সাম্প্রতিককালৰ আফগানিস্তান, জেৰুজালেমসহ বাগদাদৰ মুছলিম জনসাধাৰণ তথা মুছলিম সৈন্য সকলৰ ওপৰত ইংগ-আমেৰিকাৰ অত্যাচাৰৰ চিত্র সমগ্ৰ বিশ্বসমাজক লজ্জাত মাথা নত কৰাবলৈ বাধ্য কৰাইছে।

    যি জাতি আল্লাহ প্ৰদত্ত আমানত ভাৰ মাথাত লৈ মানৱ প্রেমত আত্মহাৰা হৈ মজলুম মানৱতাক জুলমাতৰ নিকষ অন্ধকাৰাচ্ছন্ন আধাৰৰ পৰা মুক্ত দি হিৰাৰ পোহৰত জীৱন তথা জগতক উজ্জ্বল কৰাৰ উদ্দেশ্যেই জীৱন দান কৰিছিল তেওঁলোক আজি মহাশক্তিৰ মদমত্ত জাতিৰ জাতীয়তাৰ গর্বদীপ্ত পদে-পদে নিষ্পেষিত হৈ চলিছে। মানৱতা ৰক্ষা কৰাৰ ক্ষেত্ৰত এটাৰ পিছত এটাকৈ মুছলিম দেশবোৰক নিশ্চিহ্ন কৰি তুলিছে মুছলিম বিৰোধী শিবিৰে। শক্তিৰ বাহুৱলি দেখুৱাই বিশ্বৰ ভিন্ন স্বাধীন দেশত যে আক্রমণ চলাই সেইবোৰ দেশত নাৰকীয় আচৰণ চলাইছে তাৰ ফালে বিশ্বৰ শান্তিপ্রিয় মানুহে থুথু নিক্ষেপ কৰিছে।
বিশ্বক এনে অত্যাচাৰৰ পৰা বচাবলৈ ৰচুল (চঃ) পথ ধৰিব লাগিব এনে আহ্বান জনাইছে বার্নাড শ’। তাৰ সৰু এটি কাৰণ ইতিহাঁসৰ পৃষ্টাৰ প্ৰতি দৃষ্টি দিলে সকলোৱে দেখিবলৈ পাব। মক্কা বিজয়ৰ পিছত ৰচুল (চঃ)-য়ে মদীনালৈ উভতি যায়। তেখেতে তাৰ বাহিনীৰ এজন সৈন্যকো মক্কা পহৰা দিবলৈয়ো ৰাখি যোৱা নাই। অথচ তেখেত মক্কা নগৰীৰ দায়িত্ব দি গ'ল সদ্য ইছলাম গ্রহণকাৰী আত্তাব ইবনে অলীদৰ ওপৰত। ইয়াক লৈ ৰচুল (চঃ)-ক পৰৱর্তীত কোন দুঃখ  বোধ কৰিবলগীয়া হোৱা নাই।
মানুহৰ হৃদয় জয় আৰু ৰাষ্ট্রত শান্তি প্রতিষ্ঠাৰ এনে দৃষ্টান্ত দেখিৱেই জৰ্জ বার্নাড শ’ কৈছিল, তেখেতৰ মতে
আজি বিশ্ববাসী যিমানেই সোনকালে ৰচুলৰ আদর্শ গ্রহণ কৰিব সিমান সোনকালেই বিশ্বশান্তি প্রতিষ্ঠিত হ'ব, আৰু যুদ্ধৰ অনল চিৰদিনলৈ বন্ধ হৈ যাব।

📝হাফিজ বায়েজীদ বোস্তামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)