ফলিত পাতি দিয়া
স্ব-বৰ্ণৰ আখৰকেইটাৰ মাজত
বিচাৰি পাইছিলোঁ
তোমাৰ দুচকুত ওফন্দি উঠা
হাজাৰ প্ৰেমৰ ঢৌ..
চুই চাইছিলো তোমাক কল্পনাক
চকুত চকু থৈ চাব পৰা
হোৱাৰ পৰা...
তোমাক ভাল লাগিছিল
কিবা এটা...
আকাশৰ কলা ডাৱৰৰ শুই পৰা
জোনটিলৈ চাইছিলো
অকলসৰে নিস্তব্ধ ৰজনীত
নতুবা...মন গলে
তুমি দিয়া গোলাপ ফুলপাহ
উলিয়াই গুজি লৈছিলোঁ খোপাত আলফুলে...
চিঠি লিখিবৰে পৰা দিন ধৰি
ব্যঞ্জন বৰ্ণক সাৰথি কৰি
লিখি গলো ...
ক্ষণ-বিক্ষত হৃদয়ৰ গোপন কথাবোৰ
দুয়োজনে ...
চিনি পোৱা হ'লো
ডাৱৰ আতৰিল জীৱনৰ পৰা
বয়সৰ পিঠিত উঠি
সময় বাগৰিল
থমকি নৰলো আমি
ন-কুহিপাত মেলি
কত শত বসন্ত ই দিলে জাননি
গাভৰু হ'লো আমি
গাভৰু হল আমাৰ ভালপোৱা
নৈ কাষত অকলসৰে
যাব পৰা হলো গোপনে...
দুনীয়াখন
ভাল নলগা হ'ল এতিয়া
কৃত্ৰিম প্ৰলেপ সানি
ভাল পোৱাৰ অনুভূতিবোৰ বিচাৰি
হাবাথুৰি খালোঁ
কোমল তেজৰ বোলনিত
পাখি লগা
সময়ে শিকণি দিলে
নষ্টালজিক মনেৰে
ধূসৰ পৃথিৱীত কি পালোঁ
কি হেৰুৱালো?
আৱেগিক হৃদয়ে
বাৰে বাৰে দিগভ্ৰান্ত হলো।
📝নৃপেন ৰাজোৱাৰ, নাজিৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ